ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প

dainik janambhumi September 04, 2025

ডিজিটেল ডেস্কঃ জীৱন্ত কিংবদন্তি স্বৰূপ অসমৰ প্ৰথমগৰাকী অর্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা ৰাজ্যিক ক্রীড়া দিৱসৰ বুধবাৰৰ এই পৱিত্র দিনটোতে অসমৰ ক্ৰীড়াজগতৰ জীৱন্ত কিংবদন্তিলৈ ৰূপান্তৰ হোৱা এথলীট ভোগেশ্বৰ বৰুৱাক তেখেতৰ জন্মদিনৰ উপহাৰ স্বৰূপে সৰুসজাই ক্রীড়া প্রকল্পক অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প নামকৰণৰ আনুষ্ঠানিক মর্যাদা প্রদান কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।

এই উপলক্ষে চৰকাৰে উদযাপন কৰা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড° শৰ্মাই ৩৩সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ আলমত ২০০৭ তীব্র চনত গঢ় লৈ উঠা সৰুসজাইৰ মূল এথলেটিক ষ্টেডিয়াখনখনৰ মূল প্রৱেশদ্বাৰৰ তোৰণখন ভোগেশ্বৰ বৰুৱাৰ হাতেৰে উন্মোচন কৰোৱায়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্রীড়াত পদক অর্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা বিভিন্ন ইভেন্টৰ ৩৪গৰাকী খেলুৱৈৰ মাজৰ ২৩গৰাকী চাকৰি নথকা খেলুৱৈক চৰকাৰী নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়। তাৰ বিপৰীতে ইতিমধ্যে সংস্থাপিত হৈ থকা পদকজয়ীসকলক এককালীন আর্থিক পুৰস্কাৰ প্ৰদান কৰা হয় ।

উল্লেখযোগ্য যে উত্তৰাখণ্ডত যোৱা ১৪ ফেব্ৰুৱাৰীত সামৰণি পৰা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত ৩টা সোণ, ১৫টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদকসহ অসমে মুঠ ৩৪টা পদক অর্জন কৰিছিল। সৰুসজাই ক্রীড়া প্রকল্পত কালি অনুষ্ঠিত অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অৰ্জুন বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া তথা ১৯৬৬ চনৰ এছিয়ান গেমছত স্বর্ণপদক অর্জনেৰে ইতিহাস ৰচনা কৰা প্ৰসিদ্ধ ক্রীড়াবিদ ভোগেশ্বৰ বৰুৱা উপস্থিত থাকে। তেনে এক গাম্ভীর্যপূর্ণ পৰিৱেশতে মুখ্যমন্ত্রী ড° শর্মাই নতুন দিল্লীত সদ্যসমাপ্ত আন্তর্জাতিক সুব্রত কাপ ফুটবলৰ ১৭ অনূর্ধ্ব জুনিয়ৰ ছোৱালী শাখাত চেম্পিয়ন হৈ ইতিহাস ৰচনা কৰা বেতকুছি হাইস্কুল দলক সম্বর্ধনা জনোৱাৰ লগতে সকলো সদস্যলৈ ৫০ হাজাৰ টকাকৈ আর্থিক পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰে।

অর্জুন ভোগেশ্বৰ বৰুৱাসহিতে ক্রীড়া মন্ত্রী নন্দিতা গার্লোছা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য ড° সমুদ্রগুপ্ত কাশ্যপ, সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সভাপতি কল্যাণ চৌবেসহিতে উপস্থিত থকা উক্ত অনুষ্ঠানতে বীৰ চিলাৰায় বঁটা, শ্রেষ্ঠ খেলুৱৈ, প্রশিক্ষকক বঁটা, ক্রীড়া পেঞ্চন, খেল' ইণ্ডিয়া য়ুথ গেমছ আৰু খেল মহাৰণৰ ৰাজ্যিক প্রতিযোগিতাৰ পদকজয়ীক আর্থিক পুৰস্কাৰ প্ৰদান কৰা হয়।

Share This