ডিজিটেল ডেস্ক : আজি অনুষ্ঠিত হয় অসম বিধানসভাৰ বিশেষ অধিৱেশন। এদিনীয়া এই অধিৱেশনত চৰকাৰে ড০ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন কৰা সন্দৰ্ভত আলোচনা কৰে। ৮ ছেপ্টেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব ড০ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী অনুষ্ঠান। এবছৰীয়া কাৰ্যক্ৰমেৰে পালন কৰা হ’ব ভূপেন হাজৰিকাৰ জন্মজয়ন্তী।
সেই উদ্দেশ্যে আজি অসম বিধানসভা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক লৈ লোৱা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত - ডিব্ৰুগড় বিমান বন্দৰটো ড০ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা। ৮ ছেপ্টেম্বৰ গুৱাহাটীৰ খানাপাৰা ফিল্ডত অনুষ্ঠিত হ’ব সুধাকণ্ঠৰ জন্মজয়ন্তী। লগতে সেই দিনটোত ১ হাজাৰ যুৱক-যুৱতীয়ে ‘অসম আমাৰ ৰূপহী গুণৰো নাই শেষ’ গীতটো পৰিৱেশন কৰিব। অৰুণাচল, পশ্চিম বংগত হ'ব স্মৃতিচাৰণ সভা।মুম্বাইতো হ'ব ভূপেন হাজৰিকাৰ স্মৃতিচাৰণ সভা।
বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত লোক-সংস্কৃতিৰ গৱেষণা ব্যৱস্থা। ভূপেন হাজৰিকাৰ নামত ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে এটা মুদ্ৰা। ভূপেন হাজৰিকাৰ জীৱনী দেশৰ সকলো পুথিভঁৰাললৈ প্ৰেৰণ।২৩টা ভাষালৈ অনুবাদ হ'ব ভূপেন হাজৰিকাৰ জীৱনী।আমেৰিকাত থকা প্ৰৱাসীসকলক আহ্বান জনোৱা হ’ব ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন কৰাৰ বাবে।