৭ ছেপ্টেম্বৰত মুম্বাইত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠান

dainik janambhumi June 08, 2025

ডিজিটেল ডেস্ক : ভূপেনদা। প্রতিজন অসমীয়াৰে আৱেগ। অহা ৮ ছেপ্টেম্বৰত ভূপেনদাৰ জন্ম শতবার্ষিকী। এই উপলক্ষে মুম্বাইত ৭ ছেপ্টেম্বৰত আয়োজন কৰা হৈছে সুধাকণ্ঠৰ জন্ম শতবার্ষিকী। 'গংগা বেহটী হৌ কিউ' শীর্ষক এক বিশাল সাংস্কৃতিক অনুষ্ঠানেৰে সুঁৱৰিব ভাৰতৰত্ন ড° ভূপেন হাজৰিকাক। মুম্বাইৰ প্ৰতিষ্ঠিত সংস্থা সূৰয ফাউণ্ডেশ্যন আৰু গ্রেট মেনেজাৰ ইনষ্টিটিউটৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত উপস্থিত থাকিব অনুপ জলোেটা, ঊষা মংগেশকাৰ, মহালক্ষ্মী আয়াৰ, সুৰেশ ৱাডেকাৰৰ লগতে বলিউডৰ আন বহুকেইগৰাকী তাৰকাই। 

অসমৰ পৰা উপস্থিত থাকিব হার্টথ্র'ব জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী, ময়ুখ হাজৰিকা, জুবলি, ৰূপম তালুকদাৰ, দেবজিত সাহা। ভাল খবৰ এই যে মুম্বাইৰ বিখ্যাত টাটা থিয়েটাৰত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোত অসমৰ সংবাদ সহযোগী হ'ব প্রাগ নিউজ। শনিবাৰে প্ৰাগ নিউজৰ কাৰ্যালয়ত উপস্থিত হয় সূৰয ফাউণ্ডেশ্যনৰ মুখ্য কিউৰেটৰ অসম কন্যা তথা প্রতিষ্ঠিত সংগীত শিল্পী সুনীতা ভূঞা। 

এই অনুষ্ঠানত ভূপেনদাৰ সৈতে জড়িত দেশৰ বহু সাংস্কৃতিক ব্যক্তিয়ে অংশ ল'ব। য'ত ভূপেনদাৰ সুদীর্ঘ সাংগীতিক যাত্ৰাৰ সোঁৱৰণ কৰাৰ লগতে এক সাংস্কৃতক বিনিময় ঘটিব। এই অনুষ্ঠানতে প্রাগ নিউজে প্রস্তুত কৰা এখন গ্রন্থ উন্মোচন কৰা হ'ব বুলি জানিবলৈ দিয়ে প্রাগ নিউজৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণে। উল্লেখযোগ্য যে এই গ্রন্থখন সমৃদ্ধ হৈছে এ আৰ ৰহমান, শ্বাৱানা আজমী, গুলজাৰ, ৰবীনা টেণ্ডন, লতা মংগেশকাৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লেখাৰে।

Share This