গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰূমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ

Kakali Deka August 27, 2025

ডিজিটেল ডেস্কঃ বুধবাৰে পাটনাৰ গাৰ্ডনিবাগ থানা অঞ্চলত অৱস্থিত আমলা টোলা কন্যা বিদ্যালয়ত বাথৰূমত সোমাই এগৰাকী ছাত্ৰীয়ে নিজৰ দেহত অগ্নিসংযোগ কৰে ।

কিশোৰীগৰাকীৰ নাম জয়া পাৰবীন, ডামদিয়াৰ বাসিন্দা পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকী। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে। ইয়াৰ পিছত বিদ্যালয়ত যথেষ্ট হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।

ছাত্ৰীগৰাকীৰ দেহ ৯০ শতাংশ পৰ্যন্ত জ্বলি যোৱাৰ লগতে চিকিৎসাৰ বাবে পি এম চি এইচলৈ প্ৰেৰণ কৰা হয়। 

জানিব পৰা মতে, চিটকোহৰা আমলা হাইস্কুলৰ ছাত্ৰীগৰাকীয়ে নিজৰ দেহত পেট্ৰল ঢালি অগ্নিসংযোগ কৰে। ৯০ শতাংশ পৰ্যন্ত তেওঁৰ শৰীৰ জ্বলি যায়।

ঘটনাৰ পিছতে বিদ্যালয়খনৰ মূল গে'টখন বন্ধ কৰি দিয়া হয়। ভয়ত পলায়ন কৰিছে একাংশ শিক্ষক।

পৰিয়ালৰ লোকে এই ঘটনাক হত্যা বুলি অভিহিত কৰিছে। কোনোবাই মাৰিছে নতুবা কাৰোবাৰ হেঁচাত ছোৱালীজনীয়ে নিজকে জুই লগাইছে। তথ্য অনুসৰি বুধবাৰে পুৱা জয়া স্কুলৰ বাথৰূমলৈ গৈছিল। তেওঁৰ হাতত বটল এটাও আছিল। বাথৰূমলৈ যোৱাৰ পিছত কেইগৰাকীমান ছাত্ৰীয়ে বাথৰূমৰ পৰা ধোঁৱা ওলাই থকা দেখিলে, তাৰ পিছত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।

 বিদ্যালয়ৰ বাহিৰত বিপুল জনসমাগম হয়। ৰাইজক পতিয়ন নিয়াবলৈ ব্যস্ত আৰক্ষী। আনহাতে, ঘটনাস্থলীত কেৰাচিনৰ বটল পোৱা গৈছে। তাত প্ৰায় আধা লিটাৰ তেল বাকী আছে। বাথৰূমৰ বাহিৰত নীলা কাপোৰ এখনো পৰি আছে। বাথৰূমটো ছীল কৰি দিয়া হৈছে। এফ এছ এলৰ দলটোৱে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে এতিয়া বিদ্যালয়খনত স্থাপন কৰা চি চি টিভি ফুটেজৰ তদন্তও অব্যাহত ৰাখিছে।

Share This