উথপথপ বিহুৰ বজাৰ 

dainik janambhumi April 08, 2025

ডিজিটেল ডেস্কঃ অসমীয়াৰ অতি আদৰৰ ৰঙালী বিহুলৈ মাজত মাত্র কেইটামান দিন। চৌদিশে ঢোল-পেঁপাৰ মাতত এতিয়া উথপথপ পৰিৱেশ। বজাৰতো গ্ৰাহকৰ ভিৰ বাঢ়িছে। ৰঙালী বিহু বুলিয়েই এতিয়া মহানগৰৰ প্ৰতিখন বজাৰৰ লগতে শ্বপিং মলসমূহত গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিহুৰ পৰম্পৰাগত সামগ্ৰীৰে সজাই তোলাৰ লগতে বিভিন্ন অফাৰ আদি আগবঢ়াইছে।

বহাগ বিহুত ঘৰৰ সকলোৱে এসাজ নতুন কাপোৰ লোৱাৰ লগতে আত্মীয়-স্বজন, আপোনজনক এসাজ দিয়াৰ এক পৰম্পৰা চলি আহিছে। সেয়ে এতিয়া সকলোৱে মহানগৰৰ বিভিন্ন প্ৰান্তৰত গঢ়ি উঠা প্ৰাকৰঙালী বিহুমেলাৰ লগতে বজাৰত নতুন ডিজাইনৰ মন পচন্দৰ কাপোৰ বিচাৰি চলাথ কৰিছে। বাণিজ্যিক কেন্দ্ৰস্বৰূপ ফাঁচি বজাৰতো এইকেইদিন পুৱাৰ পৰা নিশালৈকে বিৰ দি বাট নোপাৱা অৱস্থা। প্ৰতিখন কাপোৰৰ বজাৰত শিশুৰ পৰা যুৱক-যুৱতীলৈ, বৃদ্ধলৈকে সকলোৱে বিহুৰ সাজ ল'বলৈ ভিৰ কৰিছে। একেদৰে শ্বপিং মলসমূহতো গ্ৰাহকৰ সমাগম বৃদ্ধি পাইছে। পদপথসমূহতো অসমীয়াৰ বিহুৱান গামোচাৰ লগতে বিভিন্ন পিঠা-পনা, বিহুৰ বিভিন্ন সামগ্ৰীৰ এখন বৃহৎ মুকলি বজাৰ গঢ়ি উঠিছে। মুঠতে মহানগৰৰ প্ৰত্যেকখন বজাৰতে বিহুৰ প্ৰাকক্ষণত একপ্রকাৰ উথপথপ পৰিৱেশ বিৰাজ কৰিছে। কাপোৰৰ বজাৰখনৰ লগতে এতিয়া বিভিন্ন ব্ৰেণ্ডৰ ম'বাইল কোম্পানীকে ধৰি অন্যান্য ইলেক্ট্রনিক সামগ্ৰীৰ কোম্পানীয়ে গ্ৰাহকক ৰেহাই মূল্যৰে আকৰ্ষণ কৰা দেখা গৈছে।

 

উল্লেখযোগ্য যে বিহু উপলক্ষে বজাৰত গ্ৰাহকৰ ভিৰ বাঢ়ি অহাৰ লগে লগে বিভিন্ন পথত তীব্র যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ আবেলিৰ পৰা মহানগৰৰ প্ৰতিটো ব্যস্ত পথৰ লগতে বজাৰ অঞ্চলত যান-জঁটৰ সমস্যা প্রায় নিয়ন্ত্রণহীন হৈ পৰিছে। উৎসৱৰ বজাৰ বুলিলেই সৃষ্টি হোৱা এই যান-জঁটৰ সমস্যাই মহানগৰবাসীক অতিষ্ঠ কৰি তুলিছে।

Share This