ডিজিটেল ডেস্ক : বসন্তক আদৰিবলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়তে ঢোল-পেঁপাৰ মাতত ৰজনজনাই উঠিছে ৰাজ্য। হেঁপাহৰ বিহুটিক কেন্দ্ৰ কৰি উখল-মাখল হৈছে ৰাজ্যৰ বজাৰসমূহ। ৰাজধানী মহানগৰ গুৱাহাটীতো ৰঙালী বিহুৰ আগমনক লৈ উথপথপ পৰিৱেশৰ সৃষ্টি হৈছে। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো মহানগৰৰ প্রান্তে প্রান্তে অনুষ্ঠিত হৈছে বিহুমেলা। থলুৱা গামোচা-জাপি-কাপোৰেৰে ভৰি পৰিছে মহানগৰৰ বিহুমেলাসমূহ। কিন্তু ৰঙালীক কেন্দ্ৰ কৰি থলুৱা গামোচা-জাপি-কাপোৰেৰে মহানগৰৰ বজাৰ ভৰি পৰিলেও বহিঃৰাজ্যৰ গামোচাই প্রত্যাহ্বান কঢ়িয়াই আনিছে শিপিনীসকললৈ।
অসমীয়া শিপিনীৰ গামোচা বজাৰ পোৱাৰ পূৰ্বে বহিঃৰাজ্যৰ গামোচাৰে ভৰিছে বজাৰ। বিহুৰ প্রাকমূহূৰ্তত এইবাৰো পশ্চিম বংগ, চেন্নাই, উত্তৰ প্ৰদেশৰ পৰা অহা গামোচাৰে বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ থলুৱা শিপিনীয়ে প্রস্তুত কৰি উলিওৱা গামোচাৰ বিপৰীতে একেবাৰে 'নিম্নতম মূল্যত, বহিঃৰাজ্যৰ গামোচা বজাৰত উপলব্ধ হোৱা বুলি একাংশ থলুৱা ব্যৱসায়ীয়ে অভিযোগ কৰিছে। থলুৱা শিপিনীয়ে বৈ উলিওৱা মুগা-পাটৰ গামোচাৰ নকল ৰূপ দি বহিঃৰাজ্যৰ পৰা আহিছে নিম্ন মানৰ গামোচা। উল্লেখযোগ্য যে প্রতিবছৰে বিহুৰ বজাৰত ব্যৱসায়ীৰ ব্যস্ততা আৰু বিহু আয়োজনৰ প্ৰস্তুতি তুংগত হৈ পৰাৰ সময়তে বহিঃৰাজ্যৰ গামোচাই বজাৰ দখল কৰেহি। বহিঃৰাজ্যৰ মেচিনত বোৱা এনে গামোচা কম মূল্যতে গ্রাহকে লাভ কৰাৰ ফলত অসমীয়াৰ আদৰৰ গামোচাখনৰ চাহিদা কিছু হ্রাস পোৱাৰ আশংকা কৰা হৈছে যদিও অসমীয়া শিপিনীয়ে হাৰ মনা নাই। এনে গামোচাই অসমীয়াৰ জাতীয়তাৰ পৰিচয় দিয়া প্রকৃত গামোচাখনৰ সন্মানত যাতে আঘাত সানিব নোৱাৰে তাৰ বিপৰীতে শিপিনীসকলে যুঁজ অব্যাহত ৰাখিছে। যাৰ ফলত এতিয়া মহানগৰৰ প্ৰতিখন বজাৰ, বিহুমেলাত থলুৱা শিপিনীয়ে বোৱা গামোচা উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে।
ইফালে, বহিঃৰাজ্যৰ গামোচাক প্রত্যাহ্বান জনাই অধিকাংশ লোকেই ক্রয় কৰিছে অসমীয়া শিপিনীয়ে নিজৰ সপোন ৰচি তাঁতশালত যথেষ্ট কষ্টৰে বৈ উলিওৱা গামোচা। মহানগৰৰ বিভিন্ন স্থানত হৈ থকা বিহুমেলাসমূহত প্রতিবছৰৰ দৰে এইবাৰো অধিকসংখ্যক লোকে গামোচা ক্রয় কৰা বুলি শিপিনীসকলে জানিবলৈ দিছে। লক্ষণীয়ভাৱে ভাৰত চৰকাৰৰ হস্ততাঁত (উৎপাদিত সামগ্রী সংৰক্ষণ) আইন অনুসৰি যন্ত্রচালিত শালত গামোচাৰ উৎপাদন আৰু বিক্রী নিষিদ্ধ। কিন্তু তাৰ পাছতো মহানগৰৰ বজাৰত মুকলিকৈ বহিঃৰাজ্যৰ পৰা অহা নিম্নমানৰ গামোচা বিক্রী হৈ থকাটো আশ্চর্যজনক। প্রতিবছৰে বিহুৰ আগে আগে বহিঃৰাজ্যৰ গামোচাৰ আমদানি বন্ধ কৰাৰ বাবে বিভিন্ন দল-সংগঠনৰ লগতে চৰকাৰ-প্রশাসন তৎপৰ হোৱা দেখা যায় যদিও বজাৰত দুদিনীয়া অভিযান চলায়েই দায়িত্ব সামবে। কিন্তু অসমীয়া গামোচাৰ আদৰ আৰু সম্মানত আঘাত সানি পাৱাৰলুমৰ গামোচা বিক্রী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰিলেহে থলুৱা শিপিনীসকলৰ ব্যৱসায় লাভজনক হোৱাৰ লগতে অসমীয়া শিপিনীয়ে বোৱা গামোচাখনৰ মর্যাদা অক্ষুন্ন থাকিব বুলি থলুৱা শিপিনীসকলে মন্তব্য কৰিছে।