আজিৰ পৰা বিজনীত বড়ো সাহিত্য সভাৰ অধিৱেশন, অংশ ল'ব দেশ-বিদেশৰ দুই সহস্রাধিক প্রতিনিধিয়ে

dainik janambhumi January 09, 2026

ডিজিটেল ডেস্ক : চিৰাং জিলাৰ বিজনী মহকুমাৰ বৰলাউগাঁৱৰ খেংফাখ্ৰী পথাৰত আজিৰ পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে বড়ো সাহিত্য সভাৰ ৬৫সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। ইয়াৰ লগত সংগতি ৰাখি ইতিমধ্যে বড়ো বীৰাংগনা খেংফাখ্ৰীৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হৈছে। 

বড়ো সাহিত্য সভাৰ অধিৱেশনস্থলীত মহীয়সী নাৰীগৰাকীৰ স্থায়ী প্রতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে বি টি চিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে। বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰৰ্থ নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক নীলকান্ত ৱাৰীয়ে প্ৰকাশ কৰা মতে, ৬৫সংখ্যক বার্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাই এইবাৰ পৰৱৰ্তী কার্যকালৰ বাবে সমিতি গঠন কৰিব। অধিৱেশনত দেশ-বিদেশৰ দুই সহস্রাধিক প্রতিনিধিয়ে অংশগ্ৰহণ কৰিব। 

১১ জানুৱাৰীৰ মুকলি সভাত মুখ্য অতিথিৰূপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰিব। মুকলি সভা উদ্বোধন কৰিব বি টি চি প্রধান হাগ্রামা মহিলাৰীয়ে। বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে জানিবলৈ দিয়া মতে, বড়ো সাহিত্য সভাই অধিৱেশনত ১২খনকৈ গ্ৰন্থ প্রকাশ কৰিব। অধিৱেশনখন বড়ো সাহিত্য আৰু সংস্কৃতিৰ বাবে এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক কার্যসূচী হিচাপে বিবেচিত হৈছে, য'ত বিভিন্ন স্থানৰ লোক আৰু প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব। তিনিদিনীয়া এই অধিৱেশনৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে।

Share This