বিশ্বনাথৰ বাঘমাৰীত চলিল প্ৰশাসনৰ বুলড'জাৰ

dainik janambhumi December 29, 2025

ডিজিটেল ডেস্ক : বেদখলকাৰীৰ বিৰুদ্ধে আজি বিশ্বনাথ জিলাৰ বাঘমাৰীত প্রশাসনে উচ্ছেদ অভিযান চলায়। ইতিমধ্যে বিশ্বনাথৰ বাঘমাৰীৰ ২৬৫ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে বুলড'জাৰ আৰু বৃহৎ আৰক্ষীৰ দলে কৰ্তব্য সম্পাদন কৰে। উল্লেখযোগ্য যে বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা যোৱা ২১ আগষ্টত উচ্ছেদৰ জাননী জাৰি কৰাৰ পাছত বিশ্বনাথৰ বাঘমাৰীৰ ৭৩২টা পৰিয়ালৰ ৬৮টা পৰিয়াল উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। 

ইতিমধ্যে জিলাখনৰ নিজ বাঘমাৰীৰ বেদখলকাৰী ঘৰ উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল যদিও উচ্চ ন্যায়ালয়ত বিচাৰাধীন গোচৰৰ বাবে মুঠ ৬৮ পৰিয়ালক এই উচ্ছেদৰ পৰা সাময়িকভাৱে ৰেহাই দিয়া হৈছে। এইকেইটা ঘৰত উচ্ছেদ অভিযান চলোৱা হোৱা নাই বুলি জিলা আয়ুক্তই স্পষ্ট কৰিছে। বেদখলকাৰীয়ে ইতিমধ্যে বাসগৃহৰ সামগ্ৰী আন আন স্থান নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে যদিও প্রায় ৬৬৪টা ঘৰ আজি উচ্ছেদ অভিযানে সামৰি লয়। চৰকাৰীভাৱে বেদখলকাৰীক স্থান ত্যাগ কৰিবলৈ মাইকযোগে অন্তিমবাৰৰ বাবে অৱগত কৰাৰ পাছত আজি এফালৰ পৰা বুলড'জাৰে ভাঙি যায় ঘৰ-দুৱাৰ আদি। উচ্ছেদ অভিযানত অংশ লয় জিলা আযুক্ত লক্ষীনন্দন চহৰীয়াকে ধৰি বহু প্রশাসনিক বিষয়া। জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াই প্রত্যক্ষভাবে নেতৃত্ব দিয়া উচ্ছেদ অভিযানটোত ২৬৫ বিঘা ভূমি বেদখলমুক্ত কৰে। তাৎপর্যপূর্ণ যে বিশ্বনাথ জিলাৰ বাঘমৰা মৌজাৰ গো চৰণীয়া পথাৰৰূপে চিহ্নিত ১৮৯ আৰু ২০৩ দাগত এই উচ্ছেদ অভিযান চলাবলৈ প্রচেষ্টা চলায়ো উচ্চ ন্যায়ালয়ৰ গোচৰৰ বাবে সম্ভৱ হোৱা নাছিল। 

গো চৰণীয়া পথাৰ (ভি জি আৰ) বেদখল কৰাৰ প্ৰৱণতাৰে পানীয়ে ভঙাৰ অজুহাতত গোঁজেই গজালি হোৱা এই বেদখলকাৰীসকলক উচ্ছেদৰ দাবী দীৰ্ঘদিন ধৰি কৰি অহা হৈছে। প্রণিধানযোগ্য যে জিলাখনৰ বেদখলকাৰীৰ কবলত প্রায় হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি আছে। কেৱল বিশ্বনাথ ৰাজহ চক্ৰতেই কেইবাহাজাৰ বিঘা ভূমি কুক্ষিগত কৰি ৰাখিছে বেদখলকাৰীয়ে। আজিৰ উচ্ছেদ অভিযানে বিশ্বনাথৰ এটা অংশহে সামৰি লৈছে। এতিয়াও বহু অঞ্চল বেদখলমুক্ত হ'বলৈ বাকী আছে। অৱশ্যে আজি বিয়লি ৪ বজাত উচ্ছেদ অভিযানৰ অন্ত পৰে। বেদখলকৃত অঞ্চলটোত এটা মছজিদ, এখন ঈদগাহ ময়দান আৰু কবৰস্থান আছিল বুলি জানিব পৰা গৈছে।

Share This