বি টি চিৰ ২৮ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ঘোষণা

dainik janambhumi September 01, 2025

ডিজিটেল ডেস্ক : বি টি চি নিৰ্বাচনৰ বাবে বিজেপিয়ে ২৮টা পৰিষদীয় সমষ্টিৰ বাবে আজি প্রথমখন ২৮জনীয়া প্রার্থী তালিকা ঘোষণা কৰিছে। দলটোৰ দ্বিতীয়খন তালিকাত থাকিব ২-৩ টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ নাম। দেওবাৰে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্রথমখন প্রার্থী তালিকা ঘোষণা কৰি বি টি চিৰ ৪০টা সমষ্টিৰ ভিতৰত ৩১টাত প্রতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে। ইফালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰৰ পাছতো মিত্ৰজোঁটৰ অংশীদাৰ দল অগপই বি টি চি নিৰ্বাচনৰ বাবে ৪টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। 

বিৰোধী কংগ্ৰেছেও শনিবাৰে নিশা বিটি চিৰ ৩১টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল। বিৰোধী দলটোৱে আটাইকেইটা অর্থাৎ ৪০টা পৰিষদীয় সমষ্টিতে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যৰে আজি আন ৯টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিছে। বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ দল অগপই বি টি চিৰ নিৰ্বাচনত প্রার্থী থিয় কৰোৱাৰ বাবে অনুকূল পৰিষদীয় সমষ্টিৰ সন্ধান কৰাৰ সময়ত মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজহুৱা মন্তব্য কৰিছিল যে বি টি চিত প্রার্থী থিয় কৰালে পৰিণাম ভুগিব লাগিব অগপই। 

মুখ্যমন্ত্ৰীৰ এই হুমকিৰ পাছতো অগপৰ সভাপতি অতুল বৰাই মন্তব্য কৰিছিল যে বি টি চিৰ অঞ্চলসমূহত অগপই কাম-কাজ চলাই নিছে। বি টি চিৰ নিৰ্বাচনৰ বাবে গঠন কৰি দিয়া কমিটীৰ প্রতিবেদনৰ ভিত্তিত বিশেষকৈ জয়ৰ সম্ভাৱনা থকা অঞ্চলত অগপই প্রার্থী থিয় কৰাব। সভাপতি বৰাই ইতিপূৰ্বে কৰা মন্তব্য অনুসৰি চাৰিটা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে মিত্ৰজোঁটৰ অংশীদাৰ দলটোৱে।

Share This