এগজিট প'ল: প্রায়বিলাক সংস্থাৰে সমীক্ষাত 'হেটত্রিক'ৰ পূৰ্বানুমান, ৰাজ্যত আকৌ বিজেপি মিত্ৰজোঁটৰ ছুনামি!

dainik janambhumi April 30, 2026

ডিজিটেল ডেস্ক: হেটত্রিক অর্জনেৰে অসমত পুনৰ বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব। গেৰুৱা দলটোৱে এইবাৰৰ নিৰ্বাচনত ৰাজ্যত সৃষ্টি কৰিব এক প্ৰকাৰ ছুনামি। এই আভাস পোৱা গৈছে বিভিন্ন বেচৰকাৰী সংস্থাই চলোৱা এগজিট প'লত (নির্বাচনী সমীক্ষাত)। অসমকে ধৰি নির্বাচন অনুষ্ঠিত হোৱা পাঁচখন ৰাজ্যৰ ভোট গ্রহণ সমাপ্ত হোৱাৰ পাছত কালি ৰাজহুৱা হোৱা এটি প'ল অনুসৰি অসমত শাসক-বিৰোধীৰ মাজত কিছুমান সমষ্টিতহে এইবাৰ তীব্র যুঁজ হ'ব। 

উল্লেখযোগ্য যে ১২৬টা বিধানসভা সমষ্টি থকা অসমত চৰকাৰ গঠন কৰাৰ বাবে প্রয়োজনীয় আসনৰ সংখ্যা হৈছে ৬৪খন। এই মেজিক নম্বৰ বিজেপি তথা এন ডি এই অতিক্ৰম কৰি বৃহৎ বিজয় সাব্যস্ত কৰাৰ সম্ভাৱনা এগজিট প'লসমূহত স্পষ্টকৈ প্রকাশ পাইছে। এটা পর্যায়ত হোৱা নিৰ্বাচনত এইবাৰ অসমত ৮৫.৯১ শতাংশ ভোটাৰে ভোটদান কৰিছিল। বিজেপিয়ে পূৰ্বৰে পৰাই এন ডি এই ৯০খনৰো অধিক আসন লাভ কৰিব বুলি দাবী কৰি আহিছে। এনে পৰিস্থিতিত কালি প্রকাশিত এগজিট প'লসমূহত সকলো সংস্থাই বিজেপি মিত্রজোঁটক ৮৫খনতকৈ অধিক আসন প্রদান কৰিছে। 

দেশৰ ভিতৰতে অগ্রণী 'এক্সিচ মাই ইণ্ডিয়া'ই চলোৱা সমীক্ষা মতে অসমত বিজেপি মিত্রজোঁটে অর্থাৎ এন ডি এই ৮৮-১০০খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্রজোঁটে ২৪-৩৬খন আৰু অন্যান্যই ০-৩খন আসন লাভ কৰিব। একেদৰে 'মেট্রিজ' নামৰ সংস্থাটোৱে প্ৰকাশ কৰা মতে অসমত বিজেপি মিত্রজোঁটে ৮৫-৯৫খন, কংগ্রেছ মিত্রজোঁটে ২৫-৩২খন আৰু অন্যান্যই ৬-১২খন আসন লাভ কৰিব। 'ভোট ভাইব'ৰ সমীক্ষা মতে বিজেপি মিত্রজোঁটে ৯০-১০০খন, কংগ্রেছ মিত্রজোঁটে ২৩-৩৩খন আৰু এ আই ইউ ডি এফে ০-৬খন আসন পাব। একেদৰে 'জে ভি চি'ৰ মতে বিজেপি মিত্রজোঁটে ৮৮-১০১খন, কংগ্রেছ মিত্রজোঁটে ২৩-৩৩খন, এ আই ইউ ডি এফে ০-২খন আৰু অন্যান্যই ০-৩খন আসন পাব। 'চাণক্য ষ্ট্ৰেটেজিছ'ৰ মতে বিজেপি মিত্রজোঁটে ৮৮-৯৮খন, কংগ্রেছ মিত্রজোঁটে ২২-৩২খন আৰু এ আই ইউ ডি এফে ৩-৫খন লাভ কৰিব। 'পীপলছ ইনছাইট' নামৰ সংস্থাটোৱেও বিজেপি মিত্রজোঁটে ৮৮-৯৬খন, কংগ্রেছে ৩০-৩৪খন, অন্যান্যই ২-৪খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰাৰ বিপৰীতে 'পুল ডায়েৰী' নামৰ সংস্থাটোৱে বিজেপি মিত্রজোঁটে ৮৬-১০১খন, কংগ্রেছ মিত্রজোঁটে ১৫-২৬খন আসন লাভ কৰিব বুলি জনাইছে। 

ইফালে, পি মার্ক নামৰ সংস্থাটোৱে বিজেপি মিত্রজোঁটক ৮২-৯৪খন আসন, কংগ্রেছ মিত্রজোঁটক ৩০-৪০খন আৰু অন্যান্যক ১-৫খন আসন প্রদান কৰিছে। মন কৰিব লগীয়া কথা যে ইয়াৰ পূৰ্বৰ ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত অসমত বিজেপিয়ে ৬০খন, অগপই ৯খন আৰু ইউ পি পি এলে ৬খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। সেই অনুসৰি এন ডি এই লাভ কৰা আসনৰ সংখ্যা আছিল ৭৫খন। ইয়াৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছে ২৯খন, এ আই ইউ ডি এফে ১৬খন, বি পি এফে ৪খন, চি পি আই (এম)য়ে ১খন আৰু নির্দলীয়ই ১খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। অর্থাৎ বিৰোধী দলসমূহে লাভ কৰিবলৈ সক্ষম হৈছিল মুঠ ৫১খন আসন। যিটো সংখ্যা আছিল মেজিক সংখ্যা ৬৪ৰ পৰা বহু দূৰৈত। ইয়াৰ বিপৰীতে এইবাৰ নিৰ্বাচনী সমীক্ষা মতে যদি বিজেপি মিত্রজোঁটে আসন লাভ কৰে তেনেহ'লে গেৰুৱা দলটোৱে অসমত ইতিহাস সৃষ্টি কৰিব।

Share This