বিজেপিৰ ৬৩৬৫ ডিজিটেল যোদ্ধা সাজু, বিধানসভাৰ নিৰ্বাচনত সামাজিক মাধ্যমক বিশেষভাৱে ব্যৱহাৰ কৰাৰ ৰণকৌশল প্রস্তুত

dainik janambhumi November 20, 2025

ডিজিটেল ডেস্ক : আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে এইবাৰ বিশেষভাৱে ব্যৱহাৰ কৰিব ছ'চিয়েল মিডিয়াক। নির্বাচনী ৰণ ক্ষেত্ৰৰ পূৰ্বে শত্রুক ছ'চিয়েল মিডিয়াতে ধৰাসায়ী কৰাৰ বাবে লক্ষ্য স্থিৰ কৰি লৈছে গেৰুৱা দলটোৱে। ইতিমধ্যে এই ডিজিটেল যুদ্ধৰ বাবে প্রত্যক্ষভাৱে ৫৩৬৫ জন যোদ্ধাক সাজু কৰি তুলিছে ৰাজ্যিক বিজেপিয়ে। ইয়াৰ উপৰি এক হাজাৰ ছদ্মবেশী যুঁজাৰু নিৰ্বাচনৰ বাবে সাজু কৰা হৈছে। উল্লেখযোগ্য যে এসময়ত অসমৰ বিজেপিৰ আই টি কোষটো আছিল আন সকলো দলৰ বাবে আতংক। বিৰোধী কোনোৱেই তিষ্ঠিব পৰা নাছিল এইসকল সামাজিক মাধ্যমৰ অক্লান্ত যোদ্ধাৰ ওচৰত। কিন্তু দুবাৰকৈ শাসনলৈ অহাৰ পাছত শেহতীয়াকৈ এই আই টি কোষটো কিছু পৰিমাণে দুৰ্বল হৈ পৰাৰ পাছতেই কেন্দ্ৰীয় নেতৃত্বৰ চোকা নিৰ্দেশত পুনৰ বীৰদৰ্পে সামাজিক মাধ্যমত কাম-কাজ আৰম্ভ কৰিছে গেৰুৱা দলটোৰ কৰ্মর্মীসকলে। 

উল্লেখযোগ্য যে আজিৰ তাৰিখত বিজেপিৰ মণ্ডলৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পর্যায়লৈকে মুঠ ৫৩৭৫ গৰাকী নেতা আছে। ইয়াৰে ভিতৰত ৩৯খন জিলা কমিটীত আছে ৭৮০ গৰাকী, ৪৩৩ খন মণ্ডল কমিটীত ৪৩৩০ গৰাকী, ৰাজ্যিক কমিটীত ৫৫গৰাকী আৰু আঠটা মৰ্চাত ২০০ গৰাকী সদস্য আছে। এই সকলো নেতাকে এতিয়া দলটোৰ ছ'চিয়েল মিডিয়াৰ সৈতে সংলগ্ন কৰা হৈছে। নিজৰ প'ষ্টৰ উপৰি দলীয় সকলো প'ষ্ট তেওঁলোকে শ্বেয়াৰ কৰিব লাগিব। ইয়াৰ উপৰি আই টি চেলে টার্গেট কৰি লোৱা বিৰোধী দলৰ নেতাসকলক ছদ্মবেশী কর্মীসকলে আক্ৰমণৰ লক্ষ্য কৰি ল'ব লাগিব, যাতে ছ'চিয়েল মিডিয়াত বিজেপিৰ আই টি চেলৰ প'ষ্টহে প্রকাশ পাই থাকে। এনে ছদ্মবেশী কৰ্মীৰ সংখ্যা হৈছে এহাজাৰ। ইয়াৰ উপৰি নিৰ্বাচনৰ পূৰ্বে দলটোৱে ৰাজ্যৰ সকলো আগশাৰীৰ ইউটিউবাৰক নিজৰ পক্ষলৈ অনাৰ বাবে চিন্তা-চৰ্চা কৰিছে। সেই অনুসৰি প্ৰভাৱশালী ইউটিউবাৰসকলক বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ দায়িত্ব দিয়া হ'ব। ইতিমধ্যে দলটোৱে প্ৰভাৱশালী এনে ইউটিউবাৰৰ এখন তালিকাও প্ৰস্তুত কৰি উলিয়াইছে। নিৰ্বাচনৰ আগে আগে সমগ্র ছ'চিয়েল মিডিয়াখনকে নিজৰ দখলত ৰখাৰ বাবে ইয়াৰ উপৰি গেৰুৱা দলটোৰ আই টি চেলে আন বহুতো পৰিকল্পনা হাতত লৈছে। আনকি বিজেপিৰ প'ষ্টসমূহ যাতে বৃহৎ সংখ্যক লোকে প্রত্যক্ষ কৰিব পাৰে তাৰ বাবে কৌশলেৰে 'বুষ্ট' কৰাৰো ব্যৱস্থা কৰা হৈছে। 

প্রণিধানযোগ্য যে ২০১৪, ২০১৯, ২০২৪ চনৰ লোক সভা আৰু ২০১৬, ২০২১ চনৰ অসম বিধানসভা নির্বাচনত বিজেপিৰ জয়ত প্রভূত অৰিহণা যোগাইছিল বিজেপিৰ আই টি চেলে। কিন্তু শেহতীয়াকৈ দলটোৰ আই টি চেলটো কিছু পৰিমাণে নিষ্প্রভ হৈ পৰাত ক্ষুণ্ণ হৈ পৰিছিল ৰাষ্ট্ৰীয় নেতৃত্ব। সামাজিক মাধ্যম শক্তিশালী কৰি তুলিবলৈ ৰাজ্যিক বিজেপিলৈ ৰাষ্ট্ৰীয় নেতৃত্বই কাঢ়া নির্দেশ প্রদান কৰাৰ পাছতেই এতিয়া উঠিপৰি লাগিছে ৰাজ্যিক বিজেপিৰ শীর্ষ নেতৃত্ব। বিৰোধী দলবোৰৰ নিষ্ক্রিয়তাৰ বাবে হয়তো পূৰ্বৰ দৰেই আগন্তুক নির্বাচনতো বিজেপিয়ে ছ'চিয়েল মিডিয়াৰ সহায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হ'ব।

Share This