ডিজিটেল ডেস্ক : কেন্দ্রত ক্ষমতাত থকা এন ডি এক নেতৃত্ব দিয়া বিজেপিৰ নতুন সভাপতিৰ নাম অচিৰেই ঘোষণা কৰাৰ সম্ভাৱনা আছে। দলটোৰ ১৩খনতকৈ অধিক ৰাজ্যত সাংগঠনিক নির্বাচন সম্পূৰ্ণ হোৱাৰ লগে লগে ১৫ বা ১৬ মাৰ্চত নতুন সভাপতিৰ নাম ঘোষণা কৰা হ'ব। দলটোৰ এজন জ্যেষ্ঠ নেতাৰ মতে, দলত সকলোৰে সন্মতিক্রমে সভাপতি নির্বাচন কৰা হ'ব।
নেতাজনৰ মতে, প্ৰথমবাৰৰ বাবে বিজেপিৰ নেতৃত্ব মহিলা সভানেত্ৰীয়ে দিয়াৰ সম্ভাৱনা আছে। দলটোৰ সৰ্বোচ্চ পদটোৰ দায়িত্ব দাক্ষিণাত্যৰ এগৰাকী নেত্রীক দিয়াৰ সম্ভাৱনা প্রবল বুলিও নেতাজনে লগতে কয়। দলটোৱে যদিহে মহিলা সভানেত্রী বাছনি কৰে, তেতিয়া অন্ধ্র প্রদেশৰ বিজেপিৰ মুৰব্বী দখুৱতী পুৰন্দেশ্বৰী বা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী তথা কয়ম্বাটুৰৰ বিধায়িকা বনথী শ্রীনিবাসন সকলোৰে আগত আছে।
কংগ্ৰেছ ত্যাগ কৰি ২০১৪ চনত বিজেপিত যোগ দিয়া পুৰন্দেশ্বৰী এইক্ষেত্রত সকলোৰে আগত আছে বুলি কোৱা হৈছে। আনহাতে শ্রীনিবাসনে মহিলা মৰ্চাৰ জৰিয়তে দলৰ প্ৰসাৰৰ দিশত ভালেমান সফল কার্যসূচী লোৱা বুলি দলটোৰ এজন নেতাই প্রকাশ কৰে। তেওঁৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্রী অমিত শাহৰো ভৰসা আছে। দলটোৰ আন এজন নেতাই প্ৰকাশ কৰা অনুসৰি সভাপতিৰ পদৰ বাবে নিৰ্বাচিত কৰিবলগীয়া নেতাজনৰ বয়স ৫০-৭০ বছৰৰ ভিতৰত হ'ব।