ডিজিটেল ডেস্ক : কালি নলবাৰীত ভাৰতীয় জনতা পার্টিয়ে আয়োজন কৰা 'আমাৰ জুবিন প্ৰাণৰ জুবিন' ন্যায় যাত্রা সমদলত প্রায় ২৫ হাজাৰ জুবিন অনুৰাগীয়ে স্বতঃস্ফূর্তভাৱে অংশগ্ৰহণ কৰে। কালি দিনৰ ১১ বজাৰ পৰা নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতী বাছ আস্থানৰ পৰা এই ন্যায় যাত্রা উলিওৱা হয়। অংশগ্রহণকাৰীসকলে 'জয় জুবিন', 'প্ৰাণৰ জুবিন, মইও জুবিন অনুৰাগী-আমিও জুবিন অনুৰাগী', 'ন্যায়ালয়ে অতি শীঘ্রে ন্যায় দিয়ক', 'এছ আই টিয়ে পানী নসৰাকৈ চার্জশীট অতি শীঘ্রে দাখিল কৰক' আদি শ্ল'গানেৰে ৰাজপথ মুখৰিত কৰি তোলে। কালিৰ এই ন্যায় যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্রীয় বিদেশ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, প্রাক্তন বিধায়ক নাৰায়ণ ডেকা আৰু বিজেপিৰ জিলা সভাপতি জয়ন্ত বুজৰবৰুৱাই অংশগ্রহণ কৰে। এই যাত্ৰাৰ সামৰণি পৰে নলবাৰীৰ গৰ্ডন খেলপথাৰত।
এই যাত্ৰাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্ত ক্ষিপ্ৰ কৰাৰ বাবে আৰু কোনো দোষীয়েই যাতে কোনো সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে এখন শক্তিশালী পানী নসৰকা চার্জশীট দাখিল কৰাৰ দাবী জনায় আৰু ৰাজ্য চৰকাৰখনে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ দুঃসংবাদ পোৱাৰ পাছৰে পৰা সকলো দিশত লোৱা প্ৰতিটো পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। কালি নলবাৰী জিলাত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আয়োজিত ন্যায় যাত্রাত সহস্রাধিক কাৰ্যকৰ্তা, সমৰ্থক আৰু ৰাইজে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু ন্যায়ালয়ৰ ওপৰত আমাৰ গভীৰ আস্থা আৰু বিশ্বাস আছে। ন্যায়ালয়ে অতি শীঘ্ৰে ৰায় দিব। শইকীয়াই লগতে আৰু কয়- 'বিৰোধী ৰাজনৈতিক দলসমূহৰ একাংশই প্ৰাণৰ শিল্পীগৰাকীক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ যি প্ৰৱণতা বা তেওঁলোকৰ যি এজেণ্ডা এই এজেণ্ডাক নস্যাৎ কৰি জুবিনদা কোনো ৰাজনীতিৰ বিষয় হ'বই নোৱাৰে। তেওঁ লগতে কয়- ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী, আমাৰ জুবিন-প্ৰাণৰ জুবিন, জুবিনদা অমৰ হওক।' গর্ডন খেলপথাৰত ন্যায় যাত্ৰাত অংশগ্রহণকাৰীসকলক উদ্দেশ্যি মন্ত্রী জয়ন্ত মল্লবৰৰুৱাই কয়- আজিহে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে জুবিনৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে।
দলীয় কার্যকর্তাসকলক কালিৰ এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সফল কৰি তুলিবৰ কাৰণে আমি দৃঢ় সংকল্পবদ্ধ। জুবিন গাৰ্গক আমি ন্যায় দিমেই। ইপিনে, কেন্দ্রীয় বিদেশ ৰাজ্যিক মন্ত্রী পবিত্র মাৰ্ঘেৰিটাই কয় যে মই জুবিনৰ পুৰণি বন্ধু। জুবিনে এশ শতাংশ ন্যায় পাব। এইক্ষেত্রত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু এছ আই টিয়ে ন্যায় দিয়াৰ বাবে সংগ্রাম কৰি আছে। তেওঁ লগতে কয়- ন্যায়ালয়ে জুবিনৰ ন্যায় দিব। মুন্না প্রসাদ গুপ্তাৰ নেতৃত্বত ইতিমধ্যে এছ আই টিয়ে ছিংগাপুৰত গৈ তদন্ত চলাইছে। গতিকে, জুবিনে ন্যায় পাবই। জুবিনে নিজেই কৈছিল-'পলিটিক্স নকৰিবা বন্ধু।' কিন্তু, এ চি ৰূমত বহি একাংশ কংগ্রেছ নেতাই জুবিনক লৈ ৰাজনীতি কৰি আছে। জুবিনৰ সমাধিত কংগ্রেছে দৈনিক তিনি-চাৰিটা গ্রুপ পঠায় আৰু বিজেপি মুর্দাবাদ ধ্বনি দিয়ে। এনে নিকৃষ্ট কাম কৰিব নাপায়। কিন্তু, যুৱ কংগ্ৰেছ আৰু কংগ্ৰেছৰো বহু কর্মীয়ে জুবিনক ভাল পায়। মাত্র এ চি ৰূমত বহি থকা কংগ্ৰেছৰ একাংশ নেতাই জুবিনক লৈ ৰাজনীতি কৰি থকাটো শোভা নাপায়। জুবিনৰ আদর্শ, সততা আৰু মানৱতাবোধক আমি জীয়াই ৰাখিমেই। এয়া আমাৰ সংকল্প।
আনহাতে, বন আৰু পৰিৱেশ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় -সংগীতৰ ৰাজপুত্ৰ জুবিন এক শক্তিশালী কণ্ঠ। তেওঁৰ বাবে আজি অসমবাসী আৱেগিক হৈ আছে। অসমৰ প্ৰাণৰ শিল্পীগৰাকীক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ন্যায় দিব। জুবিনে ন্যায় পাব। জুবিন যেন আজিও জীয়াই আছে। তেওঁৰ গীত আৰু কণ্ঠ ইমান শক্তিশালী সেয়া সকলো মানুহ আৰু অনুৰাগীৰ হৃদয়ে হৃদয়ে সোমাই আছে। আজি জুবিনৰ ন্যায় বিচাৰিহে এই সমদল উলিওৱা হৈছে। এই ন্যায়ক লৈ এতিয়া কংগ্ৰেছে ৰাজনীতি কৰি আছে। অনুষ্ঠানৰ শেষত সকলোৱে 'মায়াবিনী' গীত পৰিৱেশন কৰে।