দেশজুৰি বিজেপিৰ ত্ৰিৰংগা যাত্ৰা 

dainik janambhumi May 15, 2025

ডিজিটেল ডেস্ক : দেশৰ সুৰক্ষাৰ্থে নিয়োজিত সৈনিকসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ ত্যাগ আৰু বলিদানক সন্মান জনাই বুধবাৰে দেশজুৰি বিজেপিয়ে ত্ৰিৰংগা যাত্রা উলিয়ায়। এই উপলক্ষে কালি অসমৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটীৰ আদাবাৰীৰ অটল উদ্যানৰ পৰা জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰলৈ বিয়লি হাতে হাতে ত্রিৰংগা লৈ বিজেপিয়ে এক বিশাল সমদল উলিয়ায়। 

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে তিনিশ মিটাৰ দীঘল এখন বৃহৎ পতাকাও মূৰৰ ওপৰত তুলি লৈ আগবাঢ়ি যায়। আনকি সহস্রাধিক বিজেপি কর্মীয়ে ভাৰত মাতা কী জয়, বন্দে মাতৰম আদি বিভিন্ন ধ্বনি দি সমগ্র অঞ্চলটোৰ আকাশ- বতাহো কঁপাই তোলে। এই যাত্রাত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে কয়- 'ত্রিৰংগা যাত্ৰাৰে ভাৰতীয় সেনালৈ প্ৰণাম। পাকিস্তানৰ বিৰুদ্ধে 'অপাৰেশ্যন সেন্দূৰ'ৰ জৰিয়তে আমাৰ ভাৰতীয় সেনাই গৌৰৱ আৰু পৰাক্ৰমৰ এক নিদর্শন দাঙি ধৰিলে। আমি ত্ৰিৰংগা যাত্ৰাৰে আজি আমাৰ দেশৰ সেনা বাহিনীৰ শেহতীয়া এই বিক্রমে আনি দিয়া স্বাভিমানক উদযাপনৰ অংশীদাৰ হওঁ।' 

অসম প্রদেশ বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, প্রাক্তন সেনা বিষয়া লেফটেনেন্ট জেনেৰেল ৰাণা প্রতাপ কলিতাকে ধৰি বহুজনে অংশ লোৱা এই ত্ৰিৰংগা যাত্ৰাত অংশ লৈ দেশৰ সেনা বাহিনীক সন্মান জনোৱাৰ অনুভৱ সঁচাই বুজাব নোৱৰা আছিল বুলিও কয় ড° শৰ্মাই। ইফালে ত্ৰিৰংগা যাত্ৰাত অংশগ্রহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়- পাকিস্তানৰ ভাৰত বিদ্বেষী কাৰ্য, নিৰীহ লোকৰ ওপৰত কৰা আক্ৰমণ, সন্ত্রাসবাদীক উচটনি দিয়া আৰু সন্ত্রাসবাদীক শৰণ দিয়া চৰিত্ৰ ভৱিষ্যতৰ দিনত থাকিলে ভাৰতবৰ্ষই পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা হয়তো মচি দিব। প্রণিধানযোগ্য যে মঙলবাৰৰ পৰা দেশজুৰি আৰম্ভ হোৱা বিজেপিৰ ত্ৰিৰংগা যাত্ৰাৰ আজি দ্বিতীয়টো দিন। অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ বাবে আয়োজন কৰা এই ত্ৰিৰংগা যাত্ৰাৰ ৰাজ্যৰ বিভিন্ন ঠাইত ২৩ মে'লৈকে অনুষ্ঠিত হ'ব।

Share This