ডিজিটেল ডেস্ক : এপ্ৰিলত পশ্চিম বংগৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অন্ত পৰাৰ পাছতে বিভিন্ন সংস্থা -প্রতিষ্ঠানে চাৰিখন ৰাজ্য ক্ৰমে অসম, কেৰালা, পশ্চিম বংগ আৰু তামিলনাডু তথা কেন্দ্রীয় শাসিত অঞ্চল পুডুচেৰী বিধানসভাৰ নিৰ্বাচনৰ এটি প'ল প্রকাশ কৰিছিল। কালি দেশৰ অন্যতম প্রখ্যাত ৰাজনৈতিক সমীক্ষাৰ প্ৰতিষ্ঠান 'টুডে'জ চাণক্য'ই চাৰিখন ৰাজ্যৰ বিধানসভা নির্বাচন সন্দর্ভত এটি প'ল প্রকাশ কৰে।
'টুডে'জ চাণক্য'ৰ সমীক্ষা অনুসৰি অসমত বিজেপি নেতৃত্বাধীন এন ডি এ-এ ১২৬ খন আসনৰ ভিতৰত ১০২ খন আসন লাভ কৰিব। সমীক্ষাটোত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী শিবিৰক দিয়া হৈছে ২৩ খন আসন আৰু অন্যান্যক এখন। উল্লেখযোগ্য যে বুধবাৰে প্রকাশ পোৱা এটি প'লসমূহতো অসমত বিজেপি নেতৃত্বাধীন এন ডি এ-এ হেটত্ৰিক কৰা অৰ্থাৎ তৃতীয়বাৰলৈ ক্ষমতালৈ অহাৰ পূৰ্বানুমান কৰা হৈছিল। বুধবাৰে শাসক পক্ষক ১০১খন পর্যন্ত আসন কোনো কোনো সমীক্ষাই দিয়াৰ পাছত কালি 'টুডে'জ চাণক্য'ৰ এটি প'লত শাসক পক্ষই ১০২খন আসন পাব বুলি পূর্বানুমান কৰা হৈছে। উল্লেখযোগ্য যে অসমত চৰকাৰ গঠন কৰিবলৈ কোনো দল বা মর্চাক ৬৪ খন আসনৰ প্ৰয়োজন। পশ্চিম বংগৰ নিৰ্বাচন সন্দৰ্ভত 'টুডে'জ চাণক্য'ৰ এটি প'লত শাসক তৃণমূল কংগ্রেছক ১০০খন আসন দিয়াৰ বিপৰীতে বিজেপিক দিয়া হৈছে ১৯২খন আৰু অন্যান্যক ৬খন। ২৯৪খন আসন থকা পশ্চিম বংগ বিধানসভাত চৰকাৰ গঠন কৰিবলৈ প্রয়োজন ১৪৮খন আসন। ইফালে কালি বেছিভাগ এটি প'লে পূর্বানুমান কৰাৰ দৰেই 'টুডে'জ চাণক্য'য়ো তামিলনাডুত বৰ্তমানৰ ডি এম কে মৰ্চাই পুনৰ ক্ষমতা লাভ কৰাৰ কথা কৈছে।
প্রতিষ্ঠানটোৱে ৰাজ্যখনত ডি এম কে মর্চাই ১২৫খন আসন পাব বুলি পূর্বানুমান কৰিছে। এ আই এ ডি এম কে মর্চাক দিয়া হৈছে ৪৫ আৰু অভিনেতা-ৰাজনীতিক বিজয়ৰ টি ভি কেক দিয়া হৈছে ৬৩ খন আসন। ২৩৪ খন আসন থকা তামিলনাডু বিধানসভাতচৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১১৮খন আসন। কেৰালা সন্দৰ্ভত 'টুডে'জ চাণক্য'ৰ এটি প'ল বুধবাৰৰ এটি প'লসমূহতকৈ পৃথক। বুধবাৰে সকলো এটি প'লতেই কেৰালাত চি পি আই (এম) নেতৃত্বাধীন এল ডি এফৰ পৰা কংগ্ৰেছ নেতৃত্বাধীন ইউ ডি এফলৈ ক্ষমতা যাব বুলি পূর্বানুমান কৰা হৈছিল। কিন্তু 'টুডে'জ চাণক্য'ৰ এটি প'লত ইউ ডি এফে এল ডি এফতকৈ আসন বেছি পালেও ক্ষমতা লাভ কৰিব পৰাকৈ আসন নাপাব বুলি কোৱা হৈছে। ১৪০ খন আসনৰ কেৰালা বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৭১ খন আসন। 'টুডে'জ চাণক্য'ৰ সমীক্ষা মতে নির্বাচনত এল ডি এফে ৬৪, ইউ ডি এফে ৬৯ আৰু অন্যান্যই ৭ খন আসন পাব।