বৰপেটাত ৰাসায়নিক সাৰৰ ক'লা বজাৰ, ২৬৬ টকাৰ ইউৰিয়া দুগুণ দামত বিক্ৰী, লোকচানৰ সন্মুখীন কৃষক

dainik janambhumi January 31, 2026

ডিজিটেল ডেস্ক : বৰপেটা জিলাৰ কলগাছিয়া কৃষি খণ্ডৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ৰাসায়নিক সাৰৰ ছিণ্ডিকেট চলি থকাত মাত্র ২৬৬ টকা মূল্যৰ ইউৰিয়া সাৰ দ্বিগুণ মূল্যত ক'লা বজাৰত বিক্ৰী হৈ থকাত মাধমাৰ খাব লগা হৈছে সাধাৰণ কৃষক। কলগাছিয়া, খৰিচালা, গুনিয়ালগুৰি, বালাগাঁও, বালিকুৰি আদি বজাৰৰ ৰাসায়নিক সাৰৰ দোকানৰ পৰা কৃষকে ১০ৰ পৰা ১৪ টকা দৰত ইউৰিয়া সাৰ ক্ৰয় কৰি খেতিত প্রয়োগ কৰিব লগা হৈছে। একাংশ অসাধু সাৰ ব্যৱসায়ীয়ে ইউৰিয়া কৃষকক যোগদান ধৰাৰ পৰিৱৰ্তে চোৰাং বজাৰত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আন একাংশই নকল ইউৰিয়া বজাৰত নমাই কৃষকক মাধমাৰ শোধাই আহিছে বুলি অভিযোগ উত্থাপন হৈছে। এনে ক্ষেত্ৰত চৰকাৰৰ কৃষি বিভাগে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে একাংশ কৃষকে। 

ইফালে, বৃহত্তৰ কলগাছিয়া অঞ্চলত একাংশ দৰিদ্ৰ কৃষকে শ শ বিঘা মাকৈ খেতি কৰিছে যদিও শীতৰ প্ৰকোপত খেতিপথাৰসমূহত পাত জলা বেমাৰে আক্ৰমণ কৰিছে। ফলত মাকৈ খেতি কৰি চিন্তিত হৈ পৰিছে খেতিয়কসকল। উল্লিখিত অঞ্চলৰ খেতিয়কসকলৰ মাকৈ খেতিত গছসমূহ ৰঙা পৰি যোৱাৰ লগতে পাতসমূহ মৰি যাবলৈ আৰম্ভকৰিছে। একাংশ মাকৈ গছৰ পাতত দীঘল মুগা বৰণৰ দাগ পৰে আৰু পিছলৈ গোটেই পাতসমূহ শুকাই মৰি যায়। খেতিয়কসকলে ৰাসায়নিক সাৰৰ দোকান বা বীজ ভাণ্ডাৰৰ পৰা ম্যানকোজেব বা জিনেব জাতীয় ঔষধ আনি খেতিত প্রয়োগ কৰিছে যদিও কোনো সুফল পোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে। ফলত হাজাৰ হাজাৰ টকা খৰচ কৰি খেতি কৰা কৃষকে লোকচানৰ সন্মুখীন হৈ মূৰে-কপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে। অধিকাংশ কৃষকে চৰকাৰৰ কোনো সুযোগ-সুবিধা নোপোৱাকৈ গাঁঠিৰ ধনেৰে চৰা দামত ৰাসায়নিক সাৰ, বীজ, কীটনাশক দৰব আদি ক্ৰয় কৰি খেতি কৰিছে। এনে ক্ষেত্ৰত চৰকাৰৰ কৃষি বিভাগৰ গ্ৰামসেৱকসকলে খেতিয়কৰ খবৰ ল'বলৈ আহৰি পোৱা নাই। মূৰৰ ঘাম মাটিত পেলাই খেতি কৰা কৃষকৰ খবৰ ল'বলৈ কৃষি বিষয়া আৰু গ্রাম সেৱকসকলে আহৰি নোপোৱাত ক্ষুব্ধ হৈ পৰিছে কৃষক ৰাইজ। আনহাতে, ৰাসায়নিক সাৰৰ আকাশলংঘী দাম বৃদ্ধিৰ ফলত খেতিয়কসকলে মাকৈ খেতি কৰি বিপদগ্রস্ত হৈ পৰিছে। 

একাংশ কৃষকে অধিক মূল্যত ইউৰিয়া ক্ৰয় কৰিব নোৱাৰি বজাৰৰ পৰা নকল ইউৰিয়া ক্ৰয় কৰি লোকচানৰ সন্মুখীন হৈছে বুলি অভিযোগ উঠিছে। বৃহত্তৰ কলগাছিয়া, বালিকুৰি, গুনিয়ালগুৰী, ডিমাপুৰ, দাৱনদিয়া, টাপেশ্বৰা, ক্ষুদ্ৰকুছি, বাংকাভাংগা, ৰামপুৰ, চান্দমামা, বৰভিঠা, মইনবৰী, জয়পুৰ, বনঘুগী, লাংলা আদি গাঁৱত সৃষ্টি হৈছে এই অৱস্থা। একমাত্র কৃষিৰ ওপৰত নিৰ্ভৰ কৰা পৰিয়ালসমূহে ৰাসায়নিক সাৰৰ নাটনি, অচিনাকি বেমাৰ আদিৰ ফলত মাকৈ খেতি কৰি বিপদগ্রস্ত হৈ পৰিছে বুলি ক্ষোভপ্রকাশ কৰিছে। অতি শীঘ্ৰে চৰকাৰৰ কৃষি বিভাগে ৰাসায়নিক সাৰৰ যোগান ধৰাৰ লগতে চোৰাং সাৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী কৃষকে।

Share This