ডিজিটেল ডেস্ক: মুম্বাইস্থিত এটা অগ্রণী বন্যপ্রাণী গৱেষণা সংগঠনে সংৰক্ষণমূলক লালন-পালন আঁচনিৰ অংশৰূপে অসমত হেৰাই যাবলৈ ধৰা শগুন মেলি দিয়াৰ পৰিকল্পনা কৰিছে। ব'ম্বে নেছাৰেল হিছটৰি ছচাইটি (বি এন এইচ এছ) কয় যে এতিয়ালৈকে তেওঁলোকে ভাৰতৰ বিভিন্ন সংৰক্ষণমূলক লালন-পালন কেন্দ্রত ৮ শতাধিক শগুন ডাঙৰ-দীঘল কৰিছে।
১৪২ বছৰীয়া গৱেষণা সংগঠনটোৱে অসমত শগুন মেলাৰ ইয়াৰ পৰিকল্পনাৰ চূড়ান্ত পৰ্যায়ত আছে বুলি জানিবলৈ দিয়ে। বি এন এইচ এছে বৃহস্পতিবাৰে জাৰি কৰা এখন বিজ্ঞপ্তিত কয় যে এই মেলি দিয়া শগুনে অসমত সাধাৰণ পশুপালক, খেতিয়ক আৰু জনসাধাৰণলৈ সেৱা আগবঢ়াব। বি এন এইচ এছৰ বিজ্ঞানীয়ে বিজ্ঞপ্তিত কয় যে তেওঁলোকে অহা মাহত অসমত স্লেণ্ডাৰ-বিল্ড আৰু হোৱাইট-ৰেম্পড নামৰ দুটা প্ৰজাতিৰ শগুন অসমত মেলি দিব। ৰয়েল ছচাইটি ফৰ প্রটেকশান অব বাৰ্ছ (আৰ এছ পি বি) আৰু অসমৰ বন বিভাগৰ সহযোগত উক্ত সংগঠনৰ এটা দলে শগুন মেলাৰ বাবে একেৰাহে কাম কৰি আছে।
উক্ত আঁচনিৰ অংশৰূপে বি এন এইচ এছৰ কেইবাটাও দলে গাঁও পৰ্যায়ৰ সভা অনুষ্ঠিত কৰিছে তথা শগুন আৰু শগুনৰ গুৰুত্বৰ বিষয়ে গাঁওবাসীক শিক্ষিত কৰিছে বুলি বিজ্ঞপ্তিখনত কোৱা হৈছে। জ্যেষ্ঠ বিজ্ঞানী তথা বি এন এইচ এছৰ উপ সঞ্চালক শচীন ৰাণাডেয়ে কয় যে শগুনবোৰ 'ছফ্ট ৰিলীজ মেথড' নামৰ বৈজ্ঞানিক ধৰণে মেলি দিয়া হ'ব। ৰাণাডেয়ে আৰু কয় যে বি এন এইচ এছৰ অসমভিত্তিক পৰিকল্পনা শগুন সংৰক্ষণত এক গুৰুত্বপূৰ্ণ প্রকল্প হ'ব। ৰাণাডেয়ে কয় যে বর্তমান সময়ত ভাৰতৰ ভিতৰত অসমেই শগুনৰ স্লেণ্ডাৰ-বিল্ড প্ৰজাতিৰ ঘাটি। এই প্রজাতিক ৰক্ষা কৰাটো সংৰক্ষণ আৰু বিশ্বত উক্ত প্ৰজাতিৰ সংখ্যা বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব।