ডিজিটেল ডেস্কঃ বকোৰ সোণতলী-মাহতলী বজাৰৰ মাজমজিয়াত আজি পুৱাই সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা। সোণতলীৰ শেলেসুঁতি গাঁৱৰ আব্দুল কাদেৰৰ পুত্ৰ কবিৰ হুছেইনে পুৱাই জীম কৰি ওলাই আহোঁতে বিদ্যুৎস্পৃষ্ট হয়।
বজাৰখনৰ স্থানীয় লোকে জনোৱা মতে, জীম চেণ্টাৰৰ ওচৰত থকা বৈদ্যুতিক তাঁৰ এডালত এটা চৰাই আহি বহি পৰাত আকস্মিকভাৱে তাঁৰডাল ছিঙি পৰে, ফলস্বৰূপে কবিৰ হুছেইন বিদ্যুৎস্পৃষ্ট হয়।
ঘটনাৰ পাছতেই তেওঁৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে ততাতৈয়াকৈ তেওঁক সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়। চিকিৎসকে জনোৱা মতে, যদি মাত্ৰ এটা মিনিটৰ দেৰি হ'লহেঁতেন, তেন্তে কবিৰ হুছেইনে জীৱন হেৰুৱাব লগা হ'লহেঁতেন।
এতিয়া প্ৰশ্ন উঠিছে এনে দুৰ্ঘটনাৰ বাবে বিদ্যুৎ বিভাগৰ দায়িত্ব কি? সামান্য এটা চৰাই পৰাৰ ফলত যদি বৈদ্যুতিক তাঁৰ ছিঙি যায়, তেন্তে বিদ্যুৎ বিভাগৰ কাৰ্য ব্যৱস্থাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠে। জন সুৰক্ষাৰ ক্ষেত্ৰত বিদ্যুৎ বিভাগে কেনে দায়িত্ব পালন কৰিছে, সেইটো এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে।
উৎস: প্ৰাগ নিউজ ডিজিটেল