ডিজিটেল ডেস্ক: সৰস্বতী পূজাৰ দিনাই মহানগৰীৰ কেইবাখনো বিদ্যালয়ক বোমাৰ আতংকই জোকাৰি যায়। ডি পি এছ, সংস্কৃতি- দ্য গুৰুকুল নামৰ বিদ্যালয় দুখনলৈ মেইলযোগে কোনো দুষ্কৃতিকাৰীয়ে জানিবলৈ দিয়ে যে দুয়োখন বিদ্যালয়তে বোমা সংস্থাপন কৰা হৈছে। অৱশ্যে ৰূপন কুমাৰ ধৰ নামৰ এটা দুষ্কৃতিকাৰীৰ একাউণ্টৰ পৰা দিয়া এই মেইল আৰক্ষীৰ অনুসন্ধানত ভুৱা বুলি ধৰা পৰে।
ইফালে, কালি সৰস্বতী পূজাৰ আনন্দ-উল্লাসৰ মাজতে কাহিলিপাৰাত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত বঙাইগাঁৱৰ লুনা ভৰদ্বাজ নামৰ এগৰাকী ২৬ বছৰীয়া যুৱতীৰ থিতাতে মৃত্যু হয়। এখন ১০৮ এম্বুলেন্সে যুৱতীগৰাকীক স্কুটীসহ মহতিয়াই নিয়ে। এই দুৰ্ঘটনাত দেৰগাঁৱৰ অচ্যুত বৰুৱা নামৰ এজন যুৱকো গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। ইফালে, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ধর্মীয় ৰীতি-নীতি আৰু পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা পালন কৰা হৈছে। এই উপলক্ষে বিশেষকৈ শিক্ষার্থীসকলে বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অর্চনা কৰে।
উল্লেখযোগ্য যে প্ৰতিবছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত হিন্দু ধর্মাৱলম্বী লোকসকলে পালন কৰে সৰস্বতী পূজা। সৰস্বতী পূজা উপলক্ষে কালি পুৱাৰে পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। বাগদেৱীৰ বন্দনাৰে মুখৰিত হয় শিক্ষা প্রতিষ্ঠানসমূহ। মহানগৰীৰ প্ৰতিখন বিদ্যালয়ৰ সমান্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, সন্দিকৈ মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, কমার্চ মহাবিদ্যালয়, প্রাগজ্যোতিষ মহাবিদ্যালয়, এছ বি দেওৰা মহাবিদ্যলয়কে ধৰি মহানগৰীৰ শিক্ষানুষ্ঠানসমূহৰ হোষ্টেলসমূহো মুখৰিত হৈ পৰে বাগদেৱীৰ মংগল ধ্বনিৰে। সৰস্বতী পূজা উপলক্ষে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে প্রতিখন বিদ্যালয়-মহাবিদ্যালয় তথা প্রতিখন শিক্ষানুষ্ঠানৰ চৌহদৰ লগতে মণ্ডপসমূহ।
সৰস্বতী পূজা উপলক্ষে মহানগৰীৰ পাৰ্কসমূহত বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। বিশেষকৈ নতুনকৈ নিৰ্মাণ কৰা ৰিভাৰ ফ্রন্ট পার্কত সৃষ্টি হয় এক অভাৱনীয় পৰিৱেশৰ। মন কৰিবলগীয়া কথা যে সৰস্বতী পূজাৰ সমান্তৰালকৈ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনাই মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়ৰ লগতে সন্দিকৈ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে।
দৈনিক জনমভূমিৰ গুৱাহাটীৰ কাৰ্যালয়তো আয়োজন কৰা হয় সৰস্বতী পূজাৰ। উলুবাৰীৰ প্ৰাগ টাৱাৰত থকা দৈনিক জনমভূমিৰ কাৰ্যালয়ত আয়োজিত এই পূজাত প্ৰাগ নিউজৰ লগতে জনমভূমি পৰিয়ালৰ সকলো সদস্যই দেৱীৰ চৰণত সেৱা জনায়।