সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন

Rashmi August 23, 2025

ডিজিটেল ডেস্কঃ  সাৱধান লখিমপুৰ সীমান্তবাসী।  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট আৰু গুলীচালনা। সাধাৰণ নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ।

লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ দুলুং মুখ ৰেঞ্জত ১ ছেপ্টেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ বোমা বিস্ফোৰণ, ৰকেট আৰু গুলীচালনাৰ বাবে উল্লিখিত স্থান সক্ৰিয়কৰণ কৰা হৈছে।

 এই সময়ছোৱাত ভাৰতীয় সেনা বাহিনীয়ে বোমা বিস্ফোৰণ, ৰকেট আৰু গুলীচলনাৰ অনুশীলন কৰিব।

লখিমপুৰ জিলা প্ৰশাসনে এক নিৰ্দেশনাযোগে উক্ত সময়ছোৱাত দুলুং মুখ ৰেঞ্জ এলেকাত সাধাৰণ জনতাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে।

 জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে এক নিদেৰ্শনাৰ জৰিয়তে এই ঘোষণা কৰিছে।

কোনোধৰণৰ অঘটন যাতে নঘটে আৰু জীৱন আৰু সম্পত্তিৰ আঘাত বা ক্ষতি ৰোধ কৰিবলৈ এই ঘোষণা লখিমপুৰ জিলা প্ৰশাসনৰ।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This