AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড

Rashmi August 25, 2025

ডিজিটেল ডেস্কঃ  AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড। চৰকাৰী প্ৰতিষ্ঠান ICTC ৰ ৰিপ'ৰ্ট নিগেটিভ হোৱাৰ পিছতো সন্দেহ চিকিৎসালয় অধীক্ষকৰ।

ডায়েলাইছিছৰ পৰা বঞ্চিত গুৰুতৰভাৱে অসুস্থ ৰোগী । সাংবাদিকৰ তৎপৰতাত ডায়েলাইছিছ কৰিবলৈ বাধ্য বঙাইগাঁও অসামৰিক চিকিৎসালয়। ১৩ আগষ্টৰ পৰা ৰাজ্যজুৰি চলিছে ৬০ দিনীয়া AIDS সজাগতাৰ বিশেষ অনুষ্ঠান।

বঙাইগাঁও অসামৰিক চিকিৎসালয়ত শনিবাৰে ডায়েলাইছিছৰ বাবে গৈছিল এগৰাকী মহিলা। ব্যক্তিগত প্ৰতিষ্ঠানৰ ৰিপ'ৰ্ট অনুসৰি মহিলাগৰাকী আছিল HIV REACTIVE ।

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি IETC কেন্দ্ৰইহে নিৰ্দিষ্ট কৰিব পাৰে পজিটিভ বা নিগেটিভ। পিছে ব্যক্তিগত প্ৰতিষ্ঠানৰ ৰিপ'ৰ্ট চাই বঞ্চিত কৰিলে মহিলাগৰাকীক ।

পৰিয়ালৰ হেঁচাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত HIV পৰীক্ষা কৰোৱা হয় মহিলাগৰাকীক । HIV চূড়ান্ত পৰীক্ষাত নিগেটিভ বুলি প্ৰতিপন্ন হয় মহিলাগৰাকী ।

হীনমন্যতাত ভুগি সাংবাদিকৰ কাষ চাপে পৰিয়ালটো। সাংবাদিকৰ তৎপৰতাত ভুল চিকাৰ কৰি ডায়েলাইছিছৰ বাবে দেওবাৰেও অধিক সক্ৰিয় হয় বঙাইগাঁও অসামৰিক চিকিৎসালয় ।


সজাগতাৰ নামত কোটি কোটি টকা অপচয় কৰি থকা বিভাগটোৰ স্বৰূপ এয়া। ৰাজ্যত‌ প্ৰতিদিনে বৃদ্ধি পাই আহিছে HIV আক্ৰান্তৰ সংখ্যা ।

এনে পৰিপ্ৰেক্ষিতত এইসকল চিকিৎসা কৰ্মীয়ে জানো শত্ৰু নহয়  AIDS সজাগতাৰ ।

লক্ষণীয় বিষয় যে ১৬ বিছনাযুক্ত বঙাইগাঁও অসামৰিক চিকিৎসালয় চৌহদত ডায়েবেটিচ প্ৰতিষ্ঠানৰ বিকল হৈ পৰিছে লিফ্ট, যাৰ ফলত দুৰাৰোগ্যত ভোগা ৰোগীসকলেও বগাবলগীয়া হৈছে চিৰি।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This