ডিজিটেল ডেস্ক : ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা পুনৰ কেঁচাপাত ক্রয় কৰাৰ আশ্বাস দিলে বটলিফ ফেক্টৰী এছ'চিয়েশ্যনে। এই কথা জানিবলৈ দিছে সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে। সন্থাৰ জিলা সমিতিয়ে উল্লেখ কৰে যে ভাৰতীয় চাহ ব'র্ডে যোৱা ২১ অক্টোবৰত প্ৰকাশ কৰা নিৰ্দেশনা মতে অসমৰ সমূহ বটলিফ ফেক্টৰীসমূহে যোৱা আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ ন্যূনতম আধাৰ মূল্য চাহ খেতিয়কক মোকলাই দিবলৈ আদেশ দিয়ে।
তাৰ পৰিপেক্ষিতত যোৱা ২৭অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈকে বটলিফ ফেক্টৰীয়ে কেঁচাপাত লোৱাৰ পৰা বিৰত আছিল। ডুমডুমাত তিনিচুকীয়া জিলা সহকাৰী আয়ুক্তৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে ডুমডুমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ চাহ ব'ৰ্ডৰ বিষয়া, উদ্যোগ আৰু বাণিজ্যিক বিভাগ তিনিচুকীয়াৰ পৰিচালক, বটলিফ এছ'চিয়েশ্যনৰ বিষয়ববীয়া আৰু সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলাৰ বিষয়ববীয়াসকল।
আলোচনাৰ শেষত বটলিফ এছ'চিয়েশ্যনে অৱগত কৰে যে এই নির্দেশ পুনৰ বিবেচনাৰ বাবে তেওঁলোকে চাহ ব'ৰ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে। চাহ ব'ৰ্ডে পত্ৰৰ উত্তৰ দিলেই বটলিফ ফেক্টৰী এছ'চিয়েশ্যনে চাহ খেতিয়কক ন্যূনতম আধাৰ মূল্য প্রদান কৰাৰ ব্যৱস্থা কৰিব। লগতে বটলিফ এছ'চিয়েশ্যনে জনায় যে গতানুগতিকভাৱে এই বৰ্ষত যিদৰে কেঁচাপাত ক্ৰয় কৰিছিল তেনেদৰে ক্ৰয় কৰি থাকিব বুলি আশ্বাস দিয়ে।