ডিজিটেল ডেস্ক: চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী পথাৰত কালি বি পি এফৰ উদ্যোগত এখন বিশাল জনসভা অনুষ্ঠিত হয়। জনসভাৰ পূৰ্বে বৰলাউগাঁৱত 'দিছপুৰ চলো যাত্রা' শীর্ষক এটা বিশাল সমদল উলিওৱা হয়। বি টি চিৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ নেতৃত্বত অনুষ্ঠিত এই সমদলত কেইবাহাজাৰ দলীয় কৰ্মী আৰু সমর্থকে অংশগ্ৰহণ কৰে।
সভাত বি টি চিৰ বিৰোধী দল তথা ইউ পি পি এলৰ সক্রিয় নেতা, প্রাক্তন পাৰিষদ গুণেশ্বৰ গয়াৰী, ইউ পি পি এলৰ সক্রিয় নেতা, ইউ পি পি এলৰ প্ৰতিষ্ঠাপক সম্পাদক তথা প্রাক্তন পাৰিষদ জ্যোতিৰেন্দ্ৰ ব্রহ্ম আৰু গোসাইগাঁও জিলা ইউ পি পি এলৰ প্ৰতিষ্ঠাপক সভাপতি প্রফুল্ল ইছলাৰীয়ে বি পি এফত যোগদান কৰে। তেওঁলোকৰ এই যোগদানে দলটোৰ সংগঠনক অধিক শক্তিশালী কৰিব বুলি হাগ্রামা মহিলাৰীয়ে মন্তব্য কৰে।
সংবাদ মাধ্যমৰ আগত বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে কয় যে অহা ১৩ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোকৰাঝাৰ ভ্ৰমণ কৰিব। এই ভ্রমণ বি টি চিৰ বাবে এক শুভ সংকেত আৰু উন্নয়নৰ নতুন দুৱাৰ মুকলি কৰিব। তেওঁ লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে
কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ নতুন ৰে'ল পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। তদুপৰি যমদুৱাৰৰ পৰা ভালুকপুঙলৈ ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ ভাষণত বিগত বি টি চি নিৰ্বাচনত ৰাইজে আগবঢ়োৱা সমর্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক বিধানসভাৰ নিৰ্বাচনত বি পি এফৰ প্ৰাৰ্থীক সমর্থন কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, 'দল শক্তিশালী হ'লে ৰাইজৰ উন্নয়ন নিশ্চিত হ'ব।'
বিজনী জিলা বি পি এফৰ উদ্যোগত আয়োজিত এই বিশাল জনসভাত দলৰ কেন্দ্ৰীয় উপ-সভাপতি শুদ্ধ বসুমতাৰী, বি পি এফত যোগদান কৰা ইউ পি পি এল দলৰ প্ৰতিষ্ঠাপক সম্পাদক মাউথি ব্রহ্ম হাজোৱাৰীয়ে ভাষণ আগবঢ়ায়।
উল্লেখযোগ্য যে এই বিশাল জনসভাত বিজনীৰ সবাইঝাৰ, মানাস চেৰফাং আৰু থুৰিবাৰী পৰিষদীয় তিনিটা ব্লকৰ পৰা উপস্থিত থকা কেইবাহাজাৰ কৰ্মীৰ উপৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা ভালেকেইগৰাকী নেতা-কর্মীয়ে বি পি এফত যোগদান কৰে।
নতুনকৈ যোগদান কৰা নেতাসকলেও সভাত ভাষণ আগবঢ়াই বি পি এফৰ নীতি আৰু লক্ষ্যৰ প্ৰতি আস্থা প্রকাশ কৰে। আনহাতে, বিধানসভাৰ নিৰ্বাচনৰ আসন সন্দৰ্ভত অহা ৯ মার্চত বি পি এফৰ সভাত তালিকা চূড়ান্ত হ'ব বুলিও বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে মন্তব্য কৰে।