দিল্লীতহে এন ডি এত চামিল হ'ব বি পি এফ, হাগ্ৰামা মহিলাৰীৰ সিদ্ধান্ত

dainik janambhumi October 09, 2025

ডিজিটেল ডেস্ক : বি পি এফে মুখ্যমন্ত্ৰীক কঠোৰ চর্ত আৰোপ কৰি দাখিল কৰা প্রস্তাৱ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা বা ৰজ্যিক বিজেপিয়ে কোনো সিদ্ধান্তৰ কথা এই পর্যন্ত ৰাজহুৱা কৰা নাই যদিও ৰাষ্ট্ৰীয় পর্যায়ত দিল্লীতহে হাগ্রামা মহিলাৰীয়ে এন ডি এত অন্তর্ভুক্ত হ'ব। যোৱা ৫ অক্টোবৰত কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীয়ে মুখ্য কাৰ্যবাহী সদস্য আৰু ৰিহণ দৈমাৰীয়ে উপ-মুখ্য কার্যবাহী সদস্য হিচাপে শপতগ্ৰহণৰ দিনটোতে মুখ্যমন্ত্ৰীৰ হাতত বি পি এফৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে গ্ৰহণ কৰা প্রস্তাৱসমূহ তুলি দিছিল। এই প্রস্তাৱসমূহ কি আছিল সেইদিনা মুখ্যমন্ত্রীয়ে ৰাজহুৱা কৰা নাছিল যদিও বি পি এফৰ মুৰব্বী মহিলাৰীয়ে 'ইউ পি পি এল আউট হ'লেহে এন ডি এত বি পি এফ ইন' হ'ব বুলি কঠিন চর্ত আৰোপ কৰাৰ , কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল। 

মুখ্যমন্ত্রী ড° শৰ্মায়ো মাজত মাত্র দুটা মাহ বাদ দি হাগ্রামা মহিলাৰীৰ লগত তেওঁ সম্পৰ্ক ৰক্ষা কৰি অহাৰ কথা উল্লেখ কৰি বি পি এফক আদৰি লোৱাৰ ইংগিত দিছে। মুখ্যমন্ত্রীয়ে হাগ্রামা মহিলাৰীক পুনৰ আদৰি লোৱাৰ কথা প্ৰৰোক্ষভাৱে উল্লেখ কৰাৰ পাছত বি পি এফ এন ডি এত চামিল হোৱাটো নিশ্চিত হৈ পৰিছে। এটা সূত্ৰৰ পৰা জানিব পৰা মতে, হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফে গুৱাহাটীত নহয়, দিল্লীতহে বিজেপিৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত একেলগে হাত দাঙিব। বি পি এফৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰা ৫টা প্ৰস্তাৱৰ ভিতৰত দিল্লীতহে এন ডি এত আনুষ্ঠানিকভাবে অন্তর্ভুক্ত হোৱাটোও আছিল এটা অন্যতম প্রস্তাৱ। 

সূত্ৰটোৰ মতে, ৰাজ্য চৰকাৰে বি টি চিৰ জিলাসমূহৰ জিলা আয়ুক্তসকলৰ হাতত থকা ১৬টা বিভাগ বি টি চিলৈ সম্পূৰ্ণভাবে হস্তান্তৰ কৰাৰ নিৰ্দেশ দিছিল যদিও এই বিভাগসমূহৰ ক্ষমতা বি টি চিয়ে লাভ কৰা নাছিল। মুখ্যমন্ত্রী ড° শর্মাই এই ১৬টা বিভাগ সম্পূর্ণ স্বাধীনভাৱে বি টি চিয়ে চোৱাচিতা কৰাৰ ক্ষমতা এৰি দিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে গ্ৰহণ কৰা প্ৰস্তাৱসমূহৰ ভিতৰত বি টি চিৰ মুৰব্বীজনক মুখ্য কার্যবাহী সদস্যৰ পৰিৱৰ্তে বি টি চিৰ 'চীফ' বুলি পদবীটোক অভিহিত কৰি ডেপুটী চীফ, বিটি চি পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষক কেবিনেট আৰু কাৰ্যবাহী সদস্যসকলক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা দিয়াৰ লগতে বি টি চিৰ উন্নয়নৰ বাবে বছৰি তিনি হাজাৰ কোটি টকা আবণ্টন দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা বুলি সূত্ৰটোৰ পৰা জানিব পৰা গৈছে।

Share This