৪ অক্টোবৰত এছ আই টিৰ প্ৰতিবেদন সন্দৰ্ভত কেবিনেটত হ'ব আলোচনা

dainik janambhumi September 28, 2025

ডিজিটেল ডেস্ক : প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সন্দৰ্ভত কালি পুনৰ সৰৱ হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। কালি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'অহা ৪ অক্টোবৰত এছ আই টিৰ প্ৰতিবেদন সন্দৰ্ভত ৰাজ্যিক কেবিনেটত আলোচনা হ'ব। ইয়াৰ পাছতে আমি পৰৱৰ্তী সিদ্ধান্ত ল'ম। কিন্তু সাধাৰণ মানুহে ইতিমধ্যে বুজি পাইছে যে ৰাষ্ট্ৰদ্ৰোহৰ দৰে চৰম কাম কৰিছে এই ব্যক্তিগৰাকীয়ে।' 

আনহাতে, প্রতিবেদনখন ৰাজহুৱা কৰা হ'ব বুলি মত ব্যক্ত কৰি তেওঁ কয়, 'মই যেতিয়া আপোনালোকক প্রতিবেদন দিম, সকলোৱে প্রতিবেদনখন পঢ়ি মর্মে মর্মে উপলব্ধি কৰিব যে কংগ্ৰেছে আমাক নেতৃত্ব দিবলৈ কাক দায়িত্ব দিছে। উল্লেখযোগ্য যে কিছুদিন পূর্বে গৌৰৱ গগৈয়ে এছ আই টিৰ প্ৰতিবেদন ৰাজহুৱাকৈ ৱেব ছাইটত দিয়াৰ বাবে দাবী জনাই কৈছিল যে এছ আই টিৰ দলে দুদিনকৈ তেওঁৰ পত্নীক সোধা-পোছা কৰিছিল। কিন্তু তেওঁক এটা কথাও সোধা নাই।

 মন কৰিবলগীয়া কথা যে যোৱা দহ ছেপ্টেম্বৰত এছ আই টিয়ে তেওঁলোকৰ তদন্তৰ প্ৰতিবেদনখন ৰাজ্য চৰকাৰৰ হাতত জমা দিছে। এতিয়া ৰাজ্য চৰকাৰখনে কেবিনেটত প্রতিবেদনখন আলোচনা কৰাৰ পাছত কি সিদ্ধান্ত গ্রহণ কৰে সেয়াহে লক্ষণীয় হ'ব।

Share This