ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ বিশেষ আৰ্থিক সহায়ৰ অংশ ৰূপে শনিবাৰে কাছাৰৰ কাটিগড়া বিধানসভা কেন্দ্ৰৰ দুৰ্গা পূজা কমিটীসকলৰ হাতত অনুদানৰ চে'ক উঠাই দিয়া হ’ল। কাটিগড়া চাৰ্কল কাৰ্যালয়ৰ কনফাৰেঞ্চ হলত আয়োজিত এটা সংক্ষিপ্ত অনুষ্ঠানৰ জৰিয়তে এই কাৰ্যসূচীৰ উদ্বোধন কৰিছে চাৰ্কল অফিচাৰ ডঃ ৰবাৰ্ট টৌল’ৰ।
অনুষ্ঠানত উপস্থিত আছিল কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ, বিজেপি কালাইন মণ্ডল সভাপতি নিত্য গোপাল দাস আৰু কাটিগড়া মণ্ডল সভাপতি বাবলা দেৱ সহ অন্যান্য গণ্য-মান্য ব্যক্তি।
চাৰ্কল অফিচাৰ ডঃ ৰবাৰ্ট টৌল’ৰে জনালে, এইবছৰ কাটিগড়া বিধানসভা কেন্দ্ৰৰ মোট ১৯৯টা পূজা কমিটীক ৰাজ্য চৰকাৰৰ পক্ষৰ পৰা ১০ হাজাৰ টকা অনুদান হিচাপে প্ৰদান কৰা হ’ব। তেওঁ আৰু ক’লে, দুৰ্গোৎসৱ শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে সম্পন্ন হ’বলৈ প্ৰতিটো পূজা কমিটীয়ে চৰকাৰে নিৰ্ধাৰিত নিৰ্দেশনা যথাযথভাৱে মানি চলিব লাগিব।এই আৰ্থিক সহায়ে দুৰ্গা পূজাৰ উৎসৱক আৰু অধিক আনন্দমুখৰ কৰি তুলিব বুলি আশা প্ৰকাশ কৰে আয়োজকসকলে।
উৎস: প্ৰাগ নিউজ ডিজিটেল