২০০৭ত আহিছিল বাংলাদেশৰ পৰা, 'কা'ৰ অধীনত অসমত প্ৰথমগৰাকী মহিলাক নাগৰিকত্ব

dainik janambhumi December 14, 2025

ডিজিটেল ডেস্ক: ২০০৭ চনত বাংলাদেশৰ পৰা ভাৰতত প্রৱেশ কৰা তথা অসমৰ শ্রীভূমি জিলাত বাস কৰা ৪০ বছৰীয়া এগৰাকী মহিলাক প্ৰদান কৰা হৈছে ভাৰতীয় নাগৰিকত্ব।তেওঁ হৈছে নাগৰিকত্ব (সংশোধনী) আইনৰ (কা) অধীনত অসমত নাগৰিকত্ব পোৱা প্রথম মহিলা। বিদেশী ন্যায়াধিকৰণ প্ৰাক্তন সদস্য শিলচৰৰ জ্যেষ্ঠ অধিবক্তা ধর্মেন্দ্র দেবে কয় যে বেনাৰ্জী উপাধিৰ এই মহিলাগৰাকীয়ে পৰিয়ালৰ এজন সদস্যৰ চিকিৎসাৰ বাবে তেওঁৰ সৈতে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ আহিছিল। তাতে তেওঁ শ্রীভূমিৰ (পূৰ্বৰ কৰিমগঞ্জ জিলা) এজন লোকৰ সৈতে চিনাকি হয়, তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু ইয়াতে থাকি যায়। এই দম্পতীৰ পাছত এটি পুত্র সন্তানো হয়। মহিলাগৰাকীৰ পৰিয়াল এতিয়াও বাংলাদেশৰ চিটাগঙতে থাকে। কিন্তু মহিলাগৰাকীয়ে বহু দিনৰ পৰাই ভাৰতীয় নাগৰিক হ'বলৈ ইচ্ছা কৰি আছিল। 

যোৱা বছৰ কা-ৰ নিয়মৰ অধিসূচনা জাৰি কৰাৰ পাছত মহিলাগৰাকীয়ে আৱেদন কৰে। যোৱা বছৰ জুলাইত মহিলাগৰাকীয়ে প্ৰথমবাৰ আৱেদন কৰিছিল যদিও লোক সভা নিৰ্বাচনৰ আগত হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিভ্রান্তিৰ বাবে তেওঁৰ আৱেদন নাকচ হয়। বর্তমান তেওঁ বাস কৰা বদৰপুৰ অঞ্চলৰ একাংশ শ্রীভূমিৰ পৰা কাছাৰলৈ গৈছিল, সেয়ে তেওঁৰ জিলাক লৈ বিভ্রান্তি হৈছিল। অধিবক্তাগৰাকীয়ে তেওঁৰ হৈ পুনৰ আৱেদন জনায় আৰু অনুমোদন লাভ কৰে। অধিবক্তা দেবে কয় যে তেওঁ হৈছে অসমত কা-ৰ অধীনত নাগৰিকত্ব লাভ কৰা প্ৰথমগৰাকী মহিলা। 

উল্লেখযোগ্য যে কা-ৰ অধীনত অসমত নাগৰিকত্ব লাভ কৰা প্ৰথমজন ব্যক্তি হৈছে দোলন দাস (৫১)। ১৯৮৮ চনত বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰি তেওঁ কাছাৰৰ শিলচৰত বাস কৰি আছে। বেনাৰ্জী উপাধিৰ উক্ত বাংলাদেশী মহিলাগৰাকীৰ সৈতে কাছাৰ জিলাৰ ৬১ বছৰীয়া আন এজন লোকেও নাগৰিকত্ব লাভ কৰিছে।

Share This