এক্রিলিকত জীৱন্ত হৈ উঠিল প্ৰাণৰ জুবিন, মৃত্যু-ৰহস্য উদঘাটনত মুখ্যমন্ত্রীক কঠোৰ স্থিতি গ্রহণ কৰিবলৈ আহ্বান

dainik janambhumi October 13, 2025

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কাৰ লাভ কৰা তেজপুৰৰ জনপ্রিয় চিত্রশিল্পী ৰাতুমণি দাসে এক্রিলিক শৈলীৰে অংকন কৰি উলিয়াইছে অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ এখন অতি অনুপম চিত্ৰ। ৰং আৰু তুলিকাৰ সমাহাৰেৰে তেজপুৰবাসীৰ মৰমৰ শিল্পী ৰাতুমণি দাসে অংকন কৰি উলিওৱা এই অনুপম ছবিখন দুফুট বহল, আঢ়ৈ ফুট ওখ। 

সততে শিল্পীৰ যি সৃষ্টিকর্ম সেই কর্মক বিশেষভাৱে হৃদয়ংগম কৰিব পাৰে কেৱল শিল্পীয়েহে। সেয়েহে ৰাতুমণি দাসৰ যাদুকৰী হাতৰ পৰশত একপ্ৰকাৰ জীৱন্ত ৰূপত উদ্ভাসিত হৈ পৰিছে জুবিন গাৰ্গৰ এই চিত্ৰখন। এনে এখন চিত্ৰৰেই গণশিল্পী জুবিন গাৰ্গৰ প্ৰতি তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা বুলি আজি সাংবাদিকৰ আগত মন্তব্য কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনায় চিত্রশিল্পী ৰাতুমণিয়ে যাতে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্‌ঘাটন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ় পদক্ষেপ গ্রহণ কৰে। 

জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'লেও তেওঁৰ সৃষ্টিৰাজিৰ জৰিয়তেই আমাৰ মাজত সদায় জীয়াই থাকিব বুলি মন্তব্য কৰি সাংবাদিকৰ আগত আজি ৰাতুমণি দাসে জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ পাছত মৃত্যুৰ ৰহস্য উদ্‌ঘাটনক কেন্দ্ৰ কৰি ৰাজ্যখনত যি শ্বাসৰুদ্ধকৰ পৰিৱেশ সৃষ্টি হৈছে আৰু ইয়াকে কেন্দ্র কৰি সামাজিক মাধ্যমৰ ভাষা নিম্ন পর্যায়লৈ গতি কৰিছে তাৰ অৱসানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক কঠোৰ স্থিতি গ্রহণ কৰিবলৈ আহ্বান জনাইছে।

Share This