নতুন দিল্লীত 'অসম দিৱস' পালন

dainik janambhumi December 03, 2025

ডিজিটেল ডেস্ক: কালি 'অসম দিৱস'ৰ পবিত্ৰ ক্ষণত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীস্থিত চৰকাৰী বাসভৱন প্ৰাংগণত বর্ণাঢ্য কাৰ্যসূচীৰে 'অসম দিৱস' পালন কৰে আৰু প্ৰথমগৰাকী আহোম স্বর্গদেউ, আহোম সাম্ৰাজ্যৰ পাতনি মেলোতা চাওলুং চ্যুকাফাৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক স্মৰণ কৰে।

কেন্দ্রীয় মন্ত্রী সোণোৱালে ভাষণত কয়, বৃহত্তৰ অসমীয়া জাতিৰ পিতৃপুৰুষস্বৰূপ স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আয়োজিত অসম দিৱসৰ এই বিশেষ অনুষ্ঠানটোত অংশগ্রহণ কৰি আনন্দিত হৈছোঁ। অসমৰ খিলঞ্জীয়া লোকসকলৰ একত্ৰীকৰণৰ বাবে ১৩ শতিকাৰ আৰম্ভণিতেই তেওঁ যিখিনি পদক্ষেপ গ্রহণ কৰিছিল, তাৰ বাবে সমগ্র জাতিটো চিৰদিন ঋণী হৈ ৰ'ব। আমি উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে সদায়েই ঐক্য, সম্প্ৰীতিৰ এক পৰিৱেশত এটি পৰিয়ালৰ দৰে থাকি আহিছোঁ। ৰাষ্ট্ৰীয় ঐক্য, সংহতি তথা অর্থনীতিলৈ আমাৰ বৰঙনি লেখত ল'বলগীয়া বুলিন দি কব পাৰোঁ। দেশৰ ৰাজধানীত 'অসম দিৱস' উদযাপন কৰিবলৈ লোৱাটো বিশেষ তাৎপৰ্যপূৰ্ণ। ইয়াৰ উদ্দেশ্য হৈছে অসমৰ চহকী সংস্কৃতি, ঐতিহ্য আৰু গৌৰৱ গাথাৰ সৈতে ভাৰতবাসীক চিনাকি কৰোৱা। ১৩ শতিকাত স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ যেতিয়া অসমলৈ আগমন হৈছিল, তেতিয়া তেওঁ এই অঞ্চলৰ ভাষা, ধর্ম, সংস্কৃতি, খাদ্যাভাস আদিৰ সৈতে সম্পূৰ্ণৰূপে অপৰিচিত হোৱা সত্ত্বেও কেনেদৰে ইয়াৰ স্থানীয় লোকৰ অন্তৰ জিনিবলৈ সক্ষম হৈছিল, সেয়া ভাবিলে মই পুলকিত হওঁ। এয়া এক গৱেষণাৰ বিষয়বস্তু হোৱা উচিত। সেই সময়ৰ অসম বুৰঞ্জীৰ বিষয়ে ভাৰতৰ অন্যান্য ঠাইৰ লোকসকলে জনাটো আমাৰ এই অঞ্চলৰ লোকৰ মানসিকতা বুজাত সহায়ক হ'ব। সদায়েই ঐক্যবদ্ধ হিচাপে থাকিব বিচৰাটো অসমীয়া জাতিৰ এটি স্বকীয় বৈশিষ্ট্য।'

কেন্দ্রীয় মন্ত্রী সোণোৱালে ভাষণত কয়, 'চাওলুং চ্যুকাফাৰ বলিষ্ঠ নেতৃত্ব, পৰাক্ৰম, কর্মসংস্কৃতি আৰু সমন্বয়ৰ গাথাই ৬০০ বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলি বৰঅসমৰ ভেটি স্থাপন কৰিছিল। পাটকাই পৰ্বত পাৰ হৈ অহা চাওলুং চ্যুকাফাই গঢ় দিছিল বৰঅসমৰ ভেটি। তেওঁ বুজি পাইছিল যে দমনৰ পৰিৱৰ্তে সমন্বয়, সম্ভাৱনা, বিশ্বাস আৰু সহানুভূতিৰ জৰিয়তে মানুহৰ মন জয় কৰিব নোৱাৰিলে সেই অঞ্চলৰ সৰ্বাংগীণ প্রগতি আৰু সমৃদ্ধি অসম্ভৱ। অসমভূমিৰ ভাষা, সংস্কৃতি, বিশ্বাস, ঐতিহ্য-পৰম্পৰা ঠাইভেদে কিছু পৃথক হ'লেও তেওঁ সমন্বয়ৰ অস্ত্ৰেৰে একতাৰ মনোভাব গঢ় দিছিল। তেওঁ অন্যায়-অবিচাৰক প্ৰশ্ৰয় নিদি সকলোৰে বাবে সমান সুযোগ, সমবিকাশ, সমঅধিকাৰত গুৰুত্ব দিছিল। ইতিহাস অধ্যয়ন কৰিলে বুজা যায় যে নেতৃত্ব যেতিয়া শক্তিশালী হয়, নীতি যেতিয়া সদিচ্ছাপূর্ণ আৰু বিশ্বাসযোগ্য হয়, সেই ৰাষ্ট্ৰ, ৰাজ্য বা জাতিৰ দ্রুত উন্নয়ন অনিবার্য। তেওঁ প্ৰজাৰ পৰামৰ্শ আৰু সহযোগিতাক শক্তিৰ আধাৰ হিচাপে লৈ এক সু-শাসন ব্যৱস্থা গঢ়ি তুলিছিল।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে‌ কালি আমাৰ ৰাষ্ট্ৰত 'সবকা সাথ, সবকা বিকাশ' নীতিৰ জৰিয়তে সকলো স্তৰৰ লোককে লগত লৈ যি এক সু-শাসন ব্যৱস্থা গঢ়ি তুলিছে, সেই ব্যৱস্থা গঢ়াৰ বাট তাহানিতেই কাটি থৈ গৈছিল চাওলুং চ্যুকাফাই। বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ এনাজৰীৰে বান্ধি আৰু সাত ৰাজ সামৰি এক ৰাজ কৰি এখন শক্তিশালী আৰু সমৃদ্ধিশালী অসম গঢ়াৰ পথ তেওঁ প্রশস্ত কৰিছিল। চাওলুং চ্যুকাফাৰ আদৰ্শৰে প্রধানমন্ত্রী মোদীয়ে সমন্বয় আৰু সু-শাসনৰ জৰিয়তে 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ ভেটি সুদৃঢ় কৰি আহিছে। 'অসম দিৱস'ৰ এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য জিতেন হাজৰিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাজীৱ সন্দিকৈ, আই চি এইচ আৰ দিল্লীৰ সদস্য সচিব ড° ওমজী উপাধ্যায়েও 'অসম দিৱস'ৰ তাৎপর্য দাঙি ধৰি জাতি গঠন তথা ৰাষ্ট্ৰ নিৰ্মাণৰ অনিৰুদ্ধ যাত্ৰাত চাওলুং চ্যুকাফাৰ প্ৰাসংগিকতা তথা অৰিহণাৰ সন্দর্ভত আলোকপাত কৰে। অনুষ্ঠানৰ অন্তত কেন্দ্রীয় মন্ত্ৰী সোণোৱালে দিল্লীস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।

অসম দিৱসৰ শুভক্ষণত লগতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রীদ্বয় পৱিত্ৰ মাৰ্ঘেৰিটা আৰু শান্তনু ঠাকুৰ, সাংসদসকল দিলীপ শইকীয়া, ৰামেশ্বৰ তেলী, ৰঞ্জিত দত্ত, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, জয়ন্ত বসুমতাৰী, কৃপানাথ মাল্লা, বিজুলী কলিতা মেধি, ভুৱনেশ্বৰ কলিতা, পৰিমল শুক্লবৈদ্য, প্রদান বৰুৱা, অমৰ সিং তিছ', অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য জিতেন হাজৰিকাৰ উপৰি ওমজী উপাধ্যায়, ৰাজীৱ সন্দিকৈ প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল।

Share This