ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে ক'লা ধনক লৈ কিছুমান নিয়মৰ সংশোধন কৰিছে। চৰকাৰে কৰা সংশোধন অনুসৰি ক'লা ধনৰ গৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ জৰিমনা আৰোপ কৰা নহ'ব বা গোচৰো তৰা নহ'ব, অৱশ্যে এই ক্ষেত্রত কিছুমান চর্তও আৰোপ কৰা হৈছে। কেন্দ্ৰীয় প্রত্যক্ষ কৰ ব'ৰ্ডে (চি বি ডি টি) ২০১৫ চনৰ ক'লা ধন আইনৰ কিছুমান নিয়মৰ সংশোধন কৰে।
নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা ৪৯/৫০ ধাৰাৰ অধীনত গোচৰ চলোৱা নহ'ব আৰু ৪২/৪৩ ধাৰাৰ অধীনত জৰিমনাও লগোৱা নহ'ব। উল্লেখযোগ্য যে ইয়াৰ আগতে কোনো ব্যক্তিৰ বিদেশৰ বেংকৰ একাউণ্টত ৫ লাখ টকাতকৈ কম ধন জমা থাকিলে এই বিষয়ে চৰকাৰক জনাব নালাগিছিল বা জৰিমনাও বিহা নহৈছিল। চৰকাৰে এই নিয়মৰ সংশোধন কৰে আৰু এতিয়াৰ পৰা বিদেশত কোনো ব্যক্তিৰ বেংকৰ একাউন্ট, শ্বেয়াৰ বা আন কোনো ধৰণৰ সামগ্রী থাকিলে আৰু ইয়াৰ মূল্য ২০ লাখ টকাতকৈ কম হ'লে ৪২/৪৩ ধাৰাৰ অধীনত এই বিষয়ে আয়কৰ বিভাগক নজনালেও জৰিমনা বিহা নহয় আৰু ৪৯/৫০ ধাৰাৰ অধীনত কেনো গোচৰ চলোৱা নহয়। চি বি ডি টিয়ে যোৱা ১৮ আগষ্টত জাৰি কৰা এখন অধিসূচনাত এই কথা প্রকাশ পাইছে।