ডিজিটেল ডেস্ক : 'অনুসূচিত জাতি অধ্যুষিত এলেকাসমূহ সংৰক্ষণ কৰি সুৰক্ষিত কৰাৰ সিদ্ধান্ত চৰকাৰৰ।' এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। মহাপুৰুষ গুৰুজনাৰ ধৰ্ম আৰু আদৰ্শৰ লগতে কলা-কৃষ্টি, সাধনা আদিৰ প্ৰচাৰৰ অৰ্থে গুৰুজনাৰ একনিষ্ঠ সাধক তথা শংকৰদেৱ বঁটাপ্ৰাপক আচার্য ইলাৰাম দাসৰ মুখ্য ভূমিকাত জন্মলাভ কৰা একশৰণ ভাগৱতী সমাজ, অসমৰ নৱনির্মিত কেন্দ্রীয় পালনাম থানৰ ফলক উন্মোচন কৰি গুৰু আসনৰ সম্মুখত 'সেৱা লৈ মুখ্যমন্ত্রী ড° শর্মাই ধর্মীয় সভাত অংশগ্রহণ কৰে। একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ প্রতাপ চন্দ্ৰ মেধিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে একশৰণ ভাগৱতী সমাজৰ প্রধান সচিব জীৱন চন্দ্র কাকতীয়ে।
কলিয়াবৰত মুখ্যমন্ত্ৰীয়ে একশৰণ ভাগৱতী সমাজৰ কেন্দ্রীয় পালনাম থানৰ দ্বাৰ উন্মোচনীৰ মুকলি সভাত অংশগ্রহণ কৰি কয়- 'মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আদৰ্শ সৰ্বস্তৰলৈ লৈ গৈ বৈষম্যহীন সমাজ গঢ়াৰ মহান উদ্দেশ্যেৰে ১৯৭৩ চনত প্রতিষ্ঠা হৈছিল একশৰণ ভাগৱতী সমাজ। একশৰণ ভাগৱতী সমাজৰ বিশেষ ভূমিকা আছে পালনামৰ জৰিয়তে বিশুদ্ধ সমাজ গঠনত। পালনাম ভক্ত আৰু ভগৱানৰ মাজত সংযোগ স্থাপন। নামঘৰসমূহ সামাজিক, নৈতিক, আধ্যাত্মিকতা, সাংস্কৃতিক চৰ্চাৰ প্ৰাণকেন্দ্র। নম্রতা, বিনয়, সামাজিক, গণতান্ত্রিক, আধ্যাত্মিকতাৰ স্থলী। সংযত জীৱনৰ বাবে প্রাণোদিত কৰিছিল মহাপুৰুষ দুজনাৰ গীত-মাতে। এনে স্থানত কীর্তন গৃহ নিৰ্মাণ কৰিব পৰাটো আনন্দৰ কথা। আই ৰাধিকাক জীয়াই ৰখাৰ বাবে চৰকাৰখনে প্ৰয়াস কৰিছে। চৰকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা অসমীয়া সমাজখনক ধৰি ৰখাৰ প্ৰয়াস কৰিছে আমাৰ চৰকাৰখনে। আজি অসমীয়া জাতি শক্তিশালী হৈছে, সুৰক্ষিত হৈছে।'
তেওঁ পালনাম থানৰ বাবে কালি আৰু আঢ়ৈ কোটি টকা মুকলি কৰি দিয়াৰ প্রতিশ্রুতি দিয়ে। এখন গাড়ী কেন্দ্রীয় সমিতিৰ বাবে উপহাৰ দিয়াৰ প্রতিশ্রুতি দিয়ে। আনহাতে, বিধায়ক তথা মন্ত্রী কেশৱ মহন্তই কয়, 'আজি কলিয়াবৰবাসীৰ বাবে সৌভাগ্যৰ দিন। একশৰণ ভাগৱতী সমাজৰ কেন্দ্রীয় পালনাম থান ভাগ অসমৰ মধ্যস্থল কলিয়াবৰত স্থাপন কৰি ভকত-বৈষ্ণৱৰ পদধূলা পোৱাটো এক আশীর্বাদ। মহাপুৰুষ গুৰুজনাৰ ধৰ্ম আৰু আদৰ্শৰ লগতে কলা-কৃষ্টি, সাধনা আদিৰ প্ৰচাৰৰ অৰ্থে গুৰুজনাৰ একনিষ্ঠ সাধক তথা শংকৰদেৱ বঁটাপ্ৰাপক আচার্য ইলাৰাম দাসৰ মুখ্য ভূমিকাত জন্মলাভকৰা একশৰণ ভাগৱতী সমাজ, অসমৰ নৱনির্মিত কেন্দ্রীয় পালনাম থানৰ কালি আনুষ্ঠানিক দ্বাৰ উন্মোচন কৰিলে স্থানীয় বিধায়ক তথা মন্ত্রী কেশব মহন্তই। ধর্মীয় ৰীতি-নীতিৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মন্ত্রী কেশৱ মহন্তই পালনাম থানভাগৰ দ্বাৰ উন্মোচন কৰি ভক্তপ্ৰাণ ৰাইজৰ বাবে উছৰ্গা কৰে। ৩ ডিচেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ নিজ চিলাবন্ধাত অনুষ্ঠিত কেন্দ্রীয় পালনাম থানৰ গুৰু আসন প্রতিষ্ঠা কৰে গুৰুজনাৰ একান্ত সাধক বাপ আচার্য দেহেশ্বৰ বৰাই। কালি তৃতীয় কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন কৰে একশৰণ ভাগবতী সমাজৰ অধ্যক্ষ প্রতাপ চন্দ্ৰ মেধিয়ে। নবনির্মিত পালনাম থানৰ দ্বাৰ উন্মোচন কাৰ্যসূচীত ৰাজ্যৰ ২৮খন জিলাৰ বিভিন্ন ধর্মীয় সংগঠনৰ পদাধিকাৰ, সত্ৰাধিকাৰ, গুণী-জ্ঞানী, সাধু-সন্তৰ লগতে ভকত-বৈষ্ণৱ আৰু আই মাতৃসকলে অংশগ্রহণ কৰে। বিয়লি অনুষ্ঠিত মুকলি সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।