ডিজিটেল ডেস্ক : নৱগঠিত চাবুৱা-লাহোৱাল সমষ্টিত শাসকীয় মিত্র দলৰ প্রার্থীকেন্দ্রিক শীতল যুদ্ধ চলি থকাৰ সময়তে কংগ্ৰেছ দলৰ অসম প্রদেশ যুৱ কংগ্ৰেছে কালি চাবুৱাৰ দিনজয় পকালাইন খেলপথাৰৰ পৰা আৰম্ভ কৰা পদযাত্ৰাৰ চাবুৱা ৰাজীৱ ভৱনত অন্ত পেলায়। পদযাত্ৰাৰ পূৰ্বে বিপুলসংখ্যক কাৰ্যকৰ্তাৰ উপস্থিতিত দিনজয় খেলপথাৰত এখন সভা অনুষ্ঠিত হয়।
সভাত প্রাক্তন কেন্দ্রীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ উপস্থিত থাকি কয় যে বিজেপি চৰকাৰে শাসনত অহাৰ দিন ধৰি অসমবাসীক বিপথে পৰিচালিত কৰি আহিছে। বিজেপিয়ে ৰাইজৰ মাজত ভেদাভেদৰ বীজ ৰোপণ কৰাৰ লগতে ঋণৰ বোজা জাপি দি অসমৰ মাটি পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিছে। প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দধীয়া-লাইকাবাসীয়ে বানপানী হ'লে পাৰলৈ আহিব লগা হয়। কিন্তু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি দুখীয়া-দৰিদ্ৰ মানুহৰ ঘৰ উচ্ছেদ কৰি ৰামদেৱ, আদানি, আম্বানিক অসমৰ মাটি গতাই দিছে। অসমৰ ৰাইজে এইখন চৰকাৰৰ কথা বুজি পাইছে।
সভাত বক্তাসকলে কয় যে বিজেপি চৰকাৰৰ এই প্ৰৱঞ্চনা আৰু অনীতিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে ৰাইজৰ কাষ চাপিছে। এই যাত্রাই সাধাৰণ ৰাইজৰ ব্যাপক সমৰ্থন লাভ কৰিছে। আগন্তুক নির্বাচনত এই পদযাত্রাই কংগ্রেছক উপকৃত কৰিব বুলিও নেতাসকলে মন্তব্য কৰে। পদযাত্ৰাত ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু শিৱ, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্রাঞ্জল ঘাটোৱাৰ, চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু আদিয়ে অংশগ্ৰহণ কৰি 'জাতি বচাওঁ, মাটি বচাওঁ' শ্ল'গানেৰে পদযাত্রা কৰি চাবুৱাত ২০২৬ৰ নিৰ্বাচনৰ ৰণশিঙা বজায়।