ডিজিটেল ডেস্কঃ নিয়তিৰ বিধানে দহিছে এখন ঘৰ। জীয়ৰীৰ বিবাহৰ দিনটোতে দপদপকৈ জ্বলিল পিতৃৰ চিতা। বিয়াঘৰৰ উদুলি-মুদুলি পৰিৱেশত হঠাৎ ঢলি পৰিছিল কইনাৰ পিতৃ। হঠাৎ আহিল কোনেও শুনিব নোখোজা খবৰ!
মৃত্যু হৈছে পিতৃৰ। এফালে কন্যাক আন এখন ঘৰলৈ উলিয়াই দিয়াৰ সন্তাপ। আনফালে নিজ হাতেৰে স্বামীৰ মুখাগ্নি। এগৰাকী দুৰ্ভগীয়া মাতৃৰ বিষাদগাথা এয়া।
নিজ কন্যাক আন এখন ঘৰলৈ উলিয়াই দিয়াৰ সন্তাপ মাৰ নৌযাওঁতেই স্বামী বিয়োগৰ শোকত দগ্ধ তেওঁৰ বুকু। নিৰন্ধ্ৰ অন্ধকাৰৰ মাজলৈ এগৰাকী মহিলা। নিয়তিৰ বিধানে দহিছে আজি তেওঁক।
কোনে জানিছিল যে জীয়ৰীৰ বিবাহৰ সুখ আৰু ব্যস্ততাৰ সময়বোৰ মুহূৰ্তৰ পাছতে শোক আৰু শূন্যতালৈ পৰিণত হ’ব।
কোনে জানিছিল কইনাৰ মাতৃয়ে কেইটামান মুহূৰ্তৰ পাছতে গাত মেৰিয়াই ল'ব লাগিব এযোৰ বগা সাজ আৰু নিজ হাতেৰে কৰিব লাগিব স্বামীৰ মুখাগ্নি। ক’বলৈ ভাষা নাই! জীয়ৰীৰ বিবাহৰ দিনতে জ্বলিল পিতৃৰ চিতা। চাবুৱাৰ মৰিছা গাঁৱত এক কৰুণ ঘটনাই জোকাৰি গৈছে সমগ্ৰ চাবুৱা অঞ্চল।
মঙলবাৰে আছিল চাবুৱাৰ মৰিছা গাঁৱৰ তপন দাসৰ কন্যা হিমাশ্ৰী দাসৰ বিবাহৰ দিন। পুৱাৰে পৰাই চলিছিল অতিথিক আদৰাৰ সকলো যোগাৰ। নিশালৈ হিমাশ্ৰীক বিদায় দিবলৈ সাজু হৈছিল সকলো। বিয়াঘৰৰ উদুলি-মুদুলি পৰিৱেশতে ঘৰতে ঢলি পৰে কইনাৰ পিতৃ তপন দাস। লগে লগে ঘৰখনত হুৱাদুৱা লাগে। ততালিকে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় তপন দাসক। পাছত ঘৰখনলৈ আহে কোনেও শুনিব নোখোজা সেই খবৰ।
এফালে নিজ কন্যাৰ বিদায়, আনফালে পিতৃৰ শেষ নিশ্বাস ত্যাগে অঞ্চলটোত শোকাৱহ পৰিৱেশৰ সৃষ্টি কৰিছে। বিয়াৰ উদুলি-মুদুলি পৰিৱেশৰ সলনি সৃষ্টি হ’ল শোকাকুল পৰিৱেশ। জানিব পৰা মতে অকালতে হেৰাই যোৱা ৫৪ বছৰীয়া তপন দাস দীৰ্ঘদিন ধৰি মধুমেহৰ লগতে অন্যান্য ৰোগত ভুগি আছিল।
উৎস: প্ৰাগ নিউজ ডিজিটেল