চচলত শিলসাঁকোৰ উচ্ছেদিতৰ পুনৰ প্ৰতিবাদ

dainik janambhumi November 15, 2025

ডিজিটেল ডেস্ক : মহানগৰৰ চচলত কালি পুনৰ শিলসাঁকোৰ উচ্ছেদিত লোকসকলে প্রতিবাদ সাব্যস্ত কৰে। মাটিৰ বিনিময়ত মাটিৰ দাবীৰে উচ্ছেদিত লোকসকলে প্রতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে ডিচি পি মৃণাল ডেকাৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰি বিষয়াগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। প্রতিবাদকাৰীসকলে শিলসাঁকোৰ উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন-ক্ষতিপূৰণ দিয়া, বহিৰাগতক নহয়, থলুৱাক মাটি দিয়ক আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। 

উল্লেখযোগ্য যে ২০২২ আৰু ২০২৩ চনত শিলসাঁকোত চলিছিল উচ্ছেদ অভিযান। সেই দুটাকৈ উচ্ছেদ অভিযানত প্রায় ১২০০ মানুহক উচ্ছেদ কৰা হৈছিল। তেতিয়াৰ পৰাই বিভিন্ন সময়ত পুনৰ সংস্থাপনৰ দাবী কৰি শিলসাঁকোৰ উচ্ছেদিত লোকসকলে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। 

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই শিলসাঁকোত উচ্ছেদ কৰা প্রতিটো থলুৱা ভূমিহীন পৰিয়ালক ক্ষতিপূৰণসহ পুনৰ সংস্থাপন দিয়াৰ প্রতিশ্রুতি প্ৰদান কৰাৰ পাছতো আজি পর্যন্ত কোনো এটা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্রহণ নকৰা বুলি শিলসাঁকোৰ উচ্ছেদিত লোকসকলে অভিযোগ কৰিছে। কালিৰ প্ৰতিবাদী কাৰ্যসূচীতো তেওঁলোকে তেজ দিম, কিন্তু মাটি এৰি নিদিওঁ বুলি সদৰী কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণসহ পুনৰ সংস্থাপন দিবলৈ চৰকাৰলৈ আহ্বান জনায়।

Share This