প্রথমগৰাকী চাওতাল কন্যা মার্টিনা টুডুৰ এম বি বি এছ ডিগ্রী লাভ

dainik janambhumi May 14, 2025

ডিজিটেল ডেস্কঃ হোজাই জিলাৰ মার্টিনা টুডু নামৰ ছাত্ৰীগৰাকীয়ে প্ৰথমগৰাকী চাওতাল কন্যা হিচাপে সদ্যঘোষিত এম বি বি এছ পৰীক্ষাত এম বি বি এছ ডিগ্রী লাভ কৰিছে। 

প্রথমগৰাকী চাওতাল হিচাপে পৰিগণিত হোৱা মার্টিনাৰ এই সাফল্যই কেৱল নিজৰ জনগোষ্ঠীটোকে নহয়, সমগ্র ৰাজ্যখনকে গৌৰৱান্বিত কৰিছে। 

মঙলবাৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ছাত্ৰীগৰাকীক অভিনন্দন জনাই কয় যে ৰাজ্যৰ সর্বাংগীণ উন্নয়ন আৰু বিকাশৰ অন্যতম পদক্ষেপ হিচাপে বিদ্যালয়ৰ পৰা চিকিৎসা শিক্ষানুষ্ঠানত সংৰক্ষণলৈ সামৰি ৰাজ্য চৰকাৰখনে বিশেষ পদক্ষেপ গ্রহণ কৰিছিল। গতিকে মার্টিনা টুডুৰ এনে সাফল্যই স্বাভাৱিকতেই তেওঁক আনন্দিত কৰা বুলিও মুখ্যমন্ত্রীজনে কয়

Share This