গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ১০০ শতাংশ শুদ্ধ বুলি প্রমাণ হ'ল

dainik janambhumi May 29, 2025

ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ নেক্সাছ সম্পৰ্কত কৰা অভিযোগ ১০০ শতাংশ শুদ্ধ আছিল। বুধবাৰে গৌৰৱ গগৈয়ে নিজে এই কথা স্বীকাৰ কৰিলে। নতুন দিল্লীত এখন সংবাদমেলত গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা। তেওঁ কয় যে গগৈ সন্দর্ভত যিমানবোৰ প্ৰশ্ন উত্থাপন কৰা হৈছিল, আজি বাধ্যত পৰি তেওঁ সকলো কথা স্বীকাৰ কৰিলে। পাকিস্তানৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ উপৰি তেওঁৰ পৰিয়ালৰ চাৰিজন সদস্যৰ ভিতৰত তিনিজনেই বিদেশী নাগৰিকত্ব গ্ৰহণ কৰা সন্দৰ্ভতো প্রশ্ন কৰা হৈছিল। সেয়াও স্বীকাৰ কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়। 

অৱশ্যে সাংসদ গগৈয়ে কথাবোৰ স্বীকাৰ কৰিলেও চালে-বেৰে কোবাই কথাবোৰ কোৱাৰ চেষ্টা কৰা বুলিও তেওঁ সমালোচনা কৰে। তেওঁৰ বিৰুদ্ধে যিবোৰ অভিযোগ উঠিছিল সেয়া তেওঁ কোৱাৰ দৰে বলিউডৰ 'চি' গ্রেড মুভি নহয় বুলি উল্লেখ কৰি মাৰ্ঘেৰিটাই কয় যে অসমৰ মানুহ তেওঁ ভবাৰ দৰে ইমান অজলা নহয়; ৰাজনৈতিকভাৱে, সামাজিকভাৱে সচেতন। 

যি অসমৰ শতাধিক জোৱানে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি প্ৰাণ আহুতি দিলে, সেই পাকিস্তানলৈ তেওঁ যোৱা কথাবোৰ ইমান সহজ নহয় বুলিও কয় পৱিত্ৰ মাৰ্ঘেৰিটাই তেওঁ পাকিস্তানলৈ যোৱা কথা স্বীকাৰ কৰাত মুখ্যমন্ত্ৰীৰ কথা সম্পূর্ণ সঁচা প্রতিপন্ন হ'ল বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্রী মাৰ্ঘেৰিটাই কয় যে গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱা কথাও স্বীকাৰ কৰিছে। এয়া কি ইমান সহজ কথা?

Share This