ডিজিটেল ডেস্ক: কঠোৰ জনসংখ্যা নীতিৰ বাবে ৰাজ্যৰ ৯৪ হাজাৰ খিলঞ্জীয়া মহিলাই লাখপতি বাইদেউ অর্থাৎ মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল। আত্মসহায়ক গোটৰ মহিলাসকলক স্ব-নিৰ্ভৰশীল কৰি তুলিবলৈ গ্ৰহণ কৰা আঁচনিখনৰ বাবে যোগ্যতাৰ যি মাপকাঠী বান্ধি দিয়া হৈছিল তাৰ ভিতৰত অন্যতম আছিল সন্তানৰ সংখ্যা। এই চৰ্তৰ বাবে ৰাজ্যৰ বহুসংখ্যক সংখ্যালঘু মহিলাৰ উপৰি হাজাৰ হাজাৰ খিলঞ্জীয়া মহিলাও এই আঁচনিৰ পৰা আঁতৰত থাকিবলগীয়া হ'ল।
পঞ্চায়ত আৰু স্থানীয় নিকায়ৰ নির্বাচনসমূহত দুটাতকৈ অধিক সন্তান থকা কোনোৱে প্রতিদ্বন্দ্বিতা কৰিব নোৱৰাৰ কঠোৰ চৰ্ত ইতিমধ্যে প্রযোজ্য হৈছে। বৰাক উপত্যকাত দুটাতকৈ অধিক সন্তান থকা পঞ্চায়ত প্রতিনিধি নিৰ্বাচিত হোৱাৰ তথ্য পাছত বিভাগে লাভ কৰাৰ পাছত পঞ্চায়ত প্ৰতিনিধিৰ পদ খাৰিজো হৈছে। মহিলাসকলক স্বাৱলম্বী কৰি গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আত্মসহায়ক গোটসমূহৰ প্ৰতিগৰাকী মহিলাক ১০ হাজাৰকৈ টকা আগবঢ়াইছে। এই আঁচনিৰ অধীনত ৰাজ্যত থকা প্ৰতিটো বিধানসভা সমষ্টিত হিতাধিকাৰীৰ মাজত মুখ্যমন্ত্রী, মন্ত্রীসভাৰ সদস্যসকলে মহিলা হিতাধিকাৰীসকলৰ মাজত ধন বিতৰণ কৰা প্রক্রিয়া চলি আছে। বিশেষকৈ মুছলমান লোকৰ জনসংখ্যা বৃদ্ধিয়ে ৰাজ্যত জনগাঁথনিত ব্যাপক প্ৰভাৱ পেলোৱাত ৰাজ্য চৰকাৰে জনসংখ্যা নীতি গ্রহণ কৰাৰ লগতে বাল্য বিবাহ বন্ধ কৰা, বহু বিবাহ প্ৰতিৰোধী আইন প্রণয়ন কৰাৰ দৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে।
মহিলা উদ্যমিতা আঁচনিৰ ক্ষেত্ৰতো সন্তানৰ সংখ্যাও আছিল এটা চর্ত। জনজাতীয় লোকক এইক্ষেত্ৰত ৰেহাই দিয়া হৈছিল। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সংখ্যাৰ অধিক সন্তান থকাৰ বাবে মৰাণ আৰু মটক আৰু চাহ জনজাতিৰ ১২,২৫১গৰাকী মহিলা লাখপতি বাইদেউ অর্থাৎ মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হোৱাৰ কথা প্রকাশ হৈছে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ তথ্যত। তথ্য মতে, চাৰিটাতকৈ অধিক সন্তান থকাৰ বাবে মৰাণ আৰু মটকৰ ২৪১৭গৰাকী মহিলা আৰু চাহ জনজাতিৰ ৯৮৩৪গৰাকী মহিলা 'লাখপতি বাইদেউ'ৰ ১০ হাজাৰ টকাৰ স্ব-নিৰ্ভৰশীলতাৰ পুঁজিৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল।
পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ তথ্য মতে কোচ-ৰাজবংশী, চুতীয়া, টাই-আহোমৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ তিনিটাতকৈ অধিক সন্তান থকাৰ বাবে ৮১,৮৩৮গৰাকী মহিলা অতি জনপ্রিয় এখন আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল। চৰকাৰে সন্তানৰ সংখ্যা বান্ধি দিয়াৰ ফলত বিশাল সংখ্যক সংখ্যালঘু সম্প্রদায়ৰ মহিলাই নহয়, ৰাজ্যৰ মুঠ ৯৪,০৮৯গৰাকী খিলঞ্জীয়া মহিলায়ো নাপালে মহিলা উদ্যমিতা আঁচনিৰ ধন। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ তথ্য মতে মৰাণ, মটকৰ যোগ্যতা থকা ১৪,২৭১গৰাকী, চাহ জনজাতিৰ ৬৮,৪৭৩গৰাকী, কোচ-ৰাজবংশী, চুতীয়া, টাই -আহোমৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ ২,৭০,৯৮২গৰাকী অর্থাৎ মুঠ ৩,৫৩,৭২৬গৰাকী মহিলা এই আঁচনিখনৰ অধীনত ১০ হাজাৰ টকাৰ স্বনিৰ্ভৰশীলতাৰ পুঁজি লাভ কৰি উপকৃত হৈছে।