সাৰ প্ৰকল্পৰ শিলান্যাস অনুষ্ঠানত মুখ্যমন্ত্রী ড° শর্মা, ৫খন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হোৱাৰ দিশে আগবাঢ়িছে অসম

dainik janambhumi December 22, 2025

ডিজিটেল ডেস্ক: বহু প্রতীক্ষা আৰু তীব্র আন্দোলনৰ অৱসান ঘটাই নামৰূপ সাৰ কাৰখানাত নতুনকৈ সংযোজন হ'ব চতুর্থ গোট অর্থাৎ নতুন ইউৰিয়া উৎপাদনক্ষম প্রকল্প। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বহু প্রত্যাশিত নামৰূপ সাৰ কাৰখানাৰ নতুন ইউৰিয়া প্ৰকল্পৰ কালি শিলান্যাস কৰে। 

দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা প্রধানমন্ত্রী মোদীয়ে কালি ডিব্ৰুগড় জিলাৰ নামৰূপত উপস্থিত হয়। ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে বিশেষ হেলিকপ্টাৰৰ জৰিয়তে নামৰূপৰ সভাস্থলীত উপস্থিত হয় প্রধানমন্ত্রী। প্রধানমন্ত্রী মোদীক ফুলাম গামোচা, শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। আহোমৰাজ শাসনৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চ্যুকাফাৰ প্ৰতিমূৰ্তি প্ৰদান কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে। অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আদৰণী ভাষণ দিয়ে। 

আনহাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আদৰণী ভাষণত কয় যে কালিৰ দিনটো অসমবাসীৰ বাবে অত্যন্ত আৱেগ আৰু আনন্দৰ দিন। তেওঁ কয়, ভাৰতৰ কোনো প্রধানমন্ত্রীয়ে জাতীয় শ্বহীদক স্বীকৃতি দিয়া নাছিল। কালি গুৱাহাটীত নির্মাণ কৰা শ্বহীদ ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীয়ে সন্মান প্রদর্শন কৰিলে। সাৰ কাৰখানাৰ সন্দৰ্ভত তেওঁ কয় যে চৰকাৰে কেন্দ্ৰীয় চৰকাৰক পাঁচ লাখ মেট্রিকটন উৎপাদনক্ষম সাৰ কাৰখানাৰ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু প্রধানমন্ত্রীয়ে আমাক ১২ লাখ মেট্রিক টন উৎপাদনক্ষম উদ্যোগ উপহাৰ দিলে। নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী হিচাপে অসমক বহুতো দিছে, আগলৈও দি যাব বুলি আমি বিশ্বাসী। 

মুখ্যমন্ত্রী ড° শর্মাই লগতে কয়- অসমীয়াই কল্পনা নকৰা ঢলা- শদিয়া দলং, বগীবিল দলং, নামৰূপ সাৰ কাৰখানা, কলীয়া ভোমোৰা দলং, নুমলীগড় আৰু ডিগবৈ তেল শোধনাগাৰৰ উৎপাদন শক্তি বৃদ্ধি, শিলচৰ বিমান বন্দৰ, গুৱাহাটী বিমান বন্দৰৰ উপৰি বহুকেইটা প্রকল্প আমাক দিছে। সেয়েহে ভাৰতৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত অসম এখন হোৱাৰ দিশে আগবাঢ়িছোঁ। আমাৰ বিশ্বাস, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম ভাৰতৰ ভিতৰতে এখন শ্রেষ্ঠ ৰাজ্যলৈ উন্নীত হ'বলৈ বেছি দিন নালাগিব। ইয়াৰ পাছতে ৰিম'টৰ বুটাম টিপি নামৰূপ সাৰ কাৰখানা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

Share This