ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে পৱিত্ৰ গুৰু পূৰ্ণিমাৰ দিনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গুৰু বন্দনা-গুৰু সেৱাৰে নিজৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে। বৃহস্পতিবাৰে পুৱাই মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয়গৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড° নিৰ্মল কুমাৰ চৌধুৰীৰ ঘৰত। মুখ্যমন্ত্রী ড° চৌধুৰীক সেৱা কৰি তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰি কয় যে আজি গুৰু পূর্ণিমাৰ দিনা ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা অনুসৰি গুৰুক সাক্ষাৎ কৰি প্ৰণাম কৰি আশীৰ্বাদ গ্রহণ কৰাৰ নিয়ম। ড° নিৰ্মল কুমাৰ চৌধুৰীয়ে প্ৰদান কৰা জ্ঞানে সদায়েই তেওঁক অনুপ্রাণিত কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীজনে কয় যে ড° চৌধুৰীক তেওঁ শৈশৱৰে পৰাই জানে যেতিয়া শিক্ষাগুৰুজন ইঞ্জিনিয়াৰিং কলেজৰ অধ্যক্ষ আছিল। ড° চৌধুৰীৰ লগত সম্পৰ্ক বহুদিনীয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ঘৰত কিছু সময় বার্তালাপো কৰে।
ইফালে, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অসম গৌৰৱ সত্ৰীয়া সংস্কৃতিৰ সাধক নৃত্যাচার্য যতীন গোস্বামীৰ বাসগৃহত পুৱাই উপস্থিত হৈ তেওঁক শ্রদ্ধা আৰু সেৱা যাচে। ৰাজ্যিক সভাপতিজনে মন্তব্য কৰে যে গুৰু পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণত গোস্বামীৰ সান্নিধ্যৰ ক্ষণ তেওঁৰ বাবে অমল অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। বৃহস্পতিবাৰে দিলীপ শইকীয়াৰ সৈতে ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় দিল্লু ৰঞ্জন শৰ্মা, অনুপ বর্মন আৰু ৰাজ্যিক কার্যনির্বাহক সদস্য দিলীপ দাসো উপস্থিত আছিল। কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে গুৰু পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণত বিশিষ্ট প্রশিক্ষক, প্রাক্তন ক্রিকেটাৰ, দ্রোণাচার্য বঁটা প্রাপক তথা পদ্মশ্রী গুৰচণৰ সিঙক তেখেতৰ প্ৰশিক্ষণ কেন্দ্রত সাক্ষাৎ কৰে।
ভাৰতীয় ক্রীড়া ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে আৰু ক্রিকেটাৰক প্ৰশিক্ষণ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে সোণোৱালে তেখেতক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু লগতে প্রশস্তি পত্ৰ প্ৰদান কৰি গুৰু পূর্ণিমা উপলক্ষে শুভেচ্ছা জনায় আৰু আশীৰ্বাদ শিৰত লয়।