ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছে কৰা অভিযোগক লৈ সংবাদমেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Nikimoni Kachari April 06, 2026

ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা পৱন খেড়াই মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰা গুৰুতৰ অভিযোগক লৈ আজি পুৱাই বাজপেয়ী ভৱনত এক সংবাদ মেলৰ আয়োজন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  

সংবাদমেলত কংগ্ৰেছৰ অভিযোগ খণ্ডন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, ‘অতি নিম্ন স্তৰলৈ গৈ কংগ্ৰেছে নিজৰ চৰিত্ৰ প্ৰকাশ কৰিলে। তৰুণ গগৈৰ পুত্ৰ ইমান তললৈ নামিব পাৰে বুলি কল্পনা কৰিব পৰা নাছিলো। আইনে এই ষড়যন্ত্ৰৰ ব্যৱস্থা ল’ব, এনেকুৱা ষড়যন্ত্ৰৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ড।’

কংগ্ৰেছৰ কালিৰ গোটেই সংবাদমেলখন পাকিস্তানৰ এটা হোৱাটছএপ গ্রুপৰ পৰা ডিজাইন কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। গোটেই ঘটনাটোত  গৌৰৱৰ পাকিস্তান লিংক বিচাৰি পাইছে মুখ্যমন্ত্ৰীয়ে।

অসমৰ নিৰ্বাচনক লৈ পাকিস্তানত ১১টা টক শ্ব’ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘আজি পুৱা আমি এটা ফেক LLP খুলিছো গৌৰৱ গগৈৰ নামত। ‘গৌৰৱ-এলিজাবেথ 786’ৰ নামত। এইটো ফেক হয়, যিকোনো নামতে কোম্পানী খুলিব পাৰি। সকলোৱে এনেকুৱাকৈ খুলিব পাৰে, কালি ৰিণিকি ভূঞাৰ নামতো এনেকুৱাকৈ খোলা হৈছিল। ফটোশ্ব’প আৰু AI ব্যৱহাৰ কৰা হৈছিল। কংগ্ৰেছে দেখুওৱাৰ দৰে কোম্পানী খোলা ইমানেই সহজ।’

ৰিণিকি ভূঞা শৰ্মাৰ UAEৰ নাগৰিকত্ব সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘UAEৰ নিয়ম হৈছে প্ৰকৃত মানুহ নহ’লে তাত কাকো নাগৰিকত্ব নিদিয়ে। তাতেই প্ৰমাণ হ’ল তেওঁলোক ভুৱা বুলি।’

মুখ্যমন্ত্ৰীৰ অভিযোগ, ‘আশ্ৰফ কাদেৰ নামৰ লোকজনে এই ভুৱা নথি আপলোড কৰিছিল পাকিস্তানৰ গ্ৰুপত। পাকিস্তানৰ লোকজনৰ জন্ম তাৰিখ 1996, তেওঁলোকে কপি পেষ্ট কৰোঁতে ছিৰিজটো 1996 আছে আৰু তলত 1973 আছিল। তেতিয়াই আমি গম পালো ভুৱা বুলি। ২৮ মাৰ্চত টিপু চুলতান নামৰ মানুহজনে পাকিস্তানৰ গ্ৰুপত আপলোড কৰিছিল। টিপু চুলতানে ৭ৰ পৰা ৮ বছৰ ধৰি চলাই আছে ফেচবুক। 

ইজিপ্তৰ পাছপ’ৰ্টখন চাৰ্ছ কৰোঁতে মিছ নিহা ইব্ৰাহিম আল শ্বাহী আংলংগাৰ নামৰ মহিলাগৰাকীৰ পাছপ’ৰ্ট ওলাল। ইংৰাজীখিনি ট্ৰান্সলেট কৰিলে, কিন্তু আৰৱীখিনি কৰিব নোৱাৰিলে। Place of Birth india লিখিম, Indian নিলিখো, তাতেই তেওঁলোক ধৰা পৰিল। বাৰ কোড আৰু ফটোৰ কোনো মিল নাই। ৰিণিকি শৰ্মাৰ জন্ম ১৯৭৩ চন, কংগ্ৰেছৰ ভুৱা পাছপ’ৰ্টত ১৯৯৬ চন বুলি দেখুৱাইছে।’’

লগতে মুখ্যমন্ত্ৰীয়ে কয়, ‘এণ্টিগুৱাৰ পাছপ’ৰ্টখনত হ’ব লাগিছিল PA, লিখিলে তেওঁলোকে PPA। ATG থাকি যোৱাটো তেওঁলোকে ভুল কৰিলে। দুয়োখন পাছপ’ৰ্ট ফটো আৰু হেয়াৰ লাইন একে, AIৰ জৰিয়তে পোছাক সলনি কৰিছে। কপালৰ গাঁথনিৰ সালসলনি কৰিছে।’

ডুবাইৰ QR কোডটো স্কেন কৰি দিলে একো নোলায়। মই যদি ৰিণিকিৰ নাম লিখো ‘শৰ্মা’ত ‘Sh’ লিখো, কিন্তু তাত আছে ‘Sa’। 

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে যি ষড়যন্ত্ৰ কৰিছে, তাৰ বিৰুদ্ধে আইনে কঠোৰ ব্যৱস্থা ল'ব। নিশাই পৱন খেড়াৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে ৰিণিকি ভূঞা শৰ্মাই। 

উল্লেখ্য যে, নিৰ্বাচনৰ প্ৰাকক্ষণত ৫ এপ্ৰিল ২০২৬ৰ দেওবাৰে দিল্লীত এক সংবাদমেল সম্বোধন কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেড়াই। হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিশাল সম্পত্তিৰ তথ্য দিছিল পৱন খেড়াই। তেওঁ কৈছিল যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ আছে ৩খন দেশৰ পাছপ’ৰ্ট। কেৱল ইমানেই নহয়, আমেৰিকাৰ কোম্পানীত ৰিণিকিৰ আছে ৫২ হেজাৰ কোটি টকা।

এই অভিযোগৰ পাছতে গৰম হৈ পৰে ৰাজ্যৰ ৰাজনীতি।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This