লখিমপুৰত ১১৮ কোটি টকাৰে নিৰ্মাণ ৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়াম, মুখ্যমন্ত্রীয়ে উদ্বোধন কৰিলে লাভলীনা বৰগোহাঁই ক্রীড়াক্ষেত্র

dainik janambhumi February 26, 2026

ডিজিটেল ডেস্ক: ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি লখিমপুৰৰ চাবতি চানমাৰিত ১১৮ কোটি টকাৰে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় মানৰ এখন ষ্টেডিয়াম উদ্বোধন কৰে। আন্তঃৰাষ্ট্ৰীয় অর্জুন বঁটা বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক জীৱিত কালতে সন্মান প্ৰদৰ্শনৰ লক্ষ্যৰে ষ্টেডিয়ামখন 'লাভলীনা বৰগোহাঁই ক্রীড়াক্ষেত্র' হিচাপে নামকৰণ কৰা হৈছে। এই ৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়ামখনৰ বিশেষত্ব হৈছে ষ্টেডিয়ামখনৰ ভিতৰতে ক্রিকেট আৰু ফুটবল খেলৰ ব্যৱস্থা আছে। সমান্তৰালভাৱে ষ্টেডিয়ামখনত চাৰিশ মিটাৰ দৈৰ্ঘ্যৰ ছিন্থেটিক ট্ৰেকৰ লগতে ইনড্ৰ'ৰ গেমছৰ সুবিধাসমূহো থাকিব। 

উল্লেখযোগ্য যে ২০১৮ চনত ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা ষ্টেডিয়ামখনৰ বাবে প্ৰথম পৰ্যায়ত ৪৯ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত মুঠ তিনিটা পর্যায়ত ১১৮ কোটি টকা ধাৰ্য কৰি ষ্টেডিয়ামখনৰ কাম সম্পূৰ্ণ কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্রীড়া অনুষ্ঠিত কৰিব পৰাকৈ অত্যাধুনিকভাৱে নিৰ্মাণ কৰা ষ্টেডিয়ামখনৰ ক্ৰীড়া সন্থাৰ অধীনত থকা ৪৬ বিঘা মাটিত নিৰ্মাণ আৰম্ভ কৰা হৈছিল যদিও পাছত এই মাটিখিনি ষ্টেডিয়ামখনৰ বাবে পর্যাপ্ত নোহোৱাত পুনৰ ১৯ বিঘা মাটি ক্ৰয় কৰিব লগীয়া হয়। ষ্টেডিয়ামখনত পাঁচ হাজাৰ দৰ্শকে ক্রিকেট খেল উপভোগ কৰিব পৰাৰ লগতে দুহেজাৰ তিনিশ দর্শকে ফুটবল খেল উপভোগ কৰিব পাৰিব। তদুপৰি, ষ্টেডিয়ামখনত প্রশিক্ষক আৰু প্ৰশিক্ষাৰ্থীৰ বাবে অত্যাধুনিক সুবিধাবিশিষ্ট হোষ্টেলৰো ব্যৱস্থা ৰখা হৈছে। 

কালি বিয়লি মুখ্যমন্ত্রী ড° শর্মাই লাভলীনা বৰগোহাঁইৰ উপস্থিতিত ষ্টেডিয়ামখন উদ্বোধন কৰে। ষ্টেডিয়াম উদ্বোধনৰ পাছতে লাভলীনা বৰগোহাঁয়ে এখন বিশাল জনসভাত ভাষণত কয়- 'খবৰটো পোৱাৰ পাছৰে পৰা মই আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ। মই সৰুৰ পৰাই ভাবি আছিলোঁ এনেকুৱা ডাঙৰ ডাঙৰ প্ৰকল্প ডাঙৰ ডাঙৰ মানুহৰ নামতহে ৰখা হয়। কিন্তু মোক জীৱিত কালতে এনে এটা সন্মান জনোৱাৰ বাবে মই নথৈ সুখী আৰু আনন্দত আত্মহাৰা হৈছোঁ। সেয়েহে, মই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খেলৰ জগতখনত অসমৰ নামটো মই যাতে শীৰ্ষত ৰাখিব পাৰোঁ তাৰ বাবে মই সদায় চেষ্টা কৰি আহিছোঁ আৰু অলিম্পিকৰ সপোন পূৰণ কৰাৰ বাবেও প্রচেষ্টা চলাই আছোঁ। 

তেওঁ নৱ প্ৰজন্ম, তথা খেলুৱৈসকলক উদ্দেশ্যি কয়- অসমত এতিয়া ক্রীড়াৰ পৰিৱেশ গঢ় লৈ উঠিছে। ইয়াত খেলুৱৈসকলে কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়িলে তেওঁলোক সফল হ'ব।

Share This