১৯ ফেব্ৰুৱাৰীত চাৰিদিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ মুখ্যমন্ত্রী, ফে'চবুক লাইভত মুখ্যমন্ত্রী

dainik janambhumi January 17, 2026

ডিজিটেল ডেস্ক : অহা ছয় ফেব্ৰুৱাৰীত গুৱাহাটীত মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। এই আঁচনিৰ অধীনত ৭৫ হাজাৰ যুৱক-যুৱতীয়ে দুই লাখ টকালৈ লাভ কৰিব। প্রথম পর্যায়ত হিতাধিকাৰীসকলে লাভ কৰিব এক লাখ টকা। কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই নতুন আঁচনিখন আৰম্ভ কৰাৰ দিন ঘোষণা কৰি কয় যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনো দহ ফেব্ৰুৱাৰীত আৰম্ভ কৰা হ'ব। জীৱন অনুপ্ৰৰেণা আঁচনিখনো এঘাৰ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ফাৰ্মাৰ প্রডিউচাৰ কোম্পানীকো উদ্‌গনিমূলক অনুদান পোন্ধৰ ফেব্ৰুৱাৰীৰ পূৰ্বে প্ৰদান কৰা হ'ব। সকলো আঁচনি পোন্ধৰ ফেব্ৰুৱাৰীৰ ভিতৰত আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে বিশ ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীসকলে আঠ হাজাৰ টকাকৈ লাভ কৰিব। 

ইফালে অহা দহ ফেব্ৰুৱাৰীৰ ভিতৰত অসম চৰকাৰৰ সকলো নিযুক্তি প্ৰদান কৰা হ'ব বুলি মত প্রকাশ কৰি তেওঁ লগতে কয় যে কেন্দ্রীয় চৰকাৰে এইবাৰ বৰ্ল্ড ইকন'মি ফ'ৰামত অসমকো প্রতিনিধিত্ব কৰিবলৈ সুযোগ দিছে। সাধাৰণতে এই ফ'ৰামত গুজৰাট, মহাৰাষ্ট্ৰ, কর্ণাটক আদি ৰাজ্যই প্রতিনিধিত্ব কৰে। প্ৰথমবাৰৰ বাবে অসমে এই সুবিধা লাভ কৰিছে। ১৯ তাৰিখে পুৱা মই ডেভছলৈ যাম আৰু চাৰি দিন তাতে থাকি ফ'ৰামত অসমক প্রতিনিধিত্ব কৰিম। এই অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে লোক উপস্থিত থাকিব। এনে এক অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ অসমক সুবিধা দিয়াৰ বাবে তেওঁ প্রধানমন্ত্রীক ধন্যবাদ জনায়। সুদীর্ঘ ফে'চবুক লাইভত মুখ্যমন্ত্ৰীয়ে বাজেটত কৰা ঘোষণাসমূহ অহা বিশ ফেব্ৰুৱাৰীৰ পূৰ্বে ৰূপায়ণ কৰা হ'ব বুলি জনাই লগতে কয় যে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূর্বেই আমি আমাৰ ঘোষণাসমূহ ৰূপায়ণ কৰিম। ইফালে ফেব্ৰুৱাৰী মাহত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব বুলি জনায়। লগতে তেওঁ লগতে কয় যে মই আশা কৰিছোঁ ফেব্ৰুৱাৰী মাহৰ ভিতৰত চানমাৰি, গুৱাহাটী ক্লাবৰ উৰণ সেতুখনো ৰাইজৰ বাবে মুকলি কৰি দিব পাৰিম। একেদৰে বিশ ফেব্ৰুৱাৰীৰ ভিতৰত যোৰহাটৰ এটি ৰ'ডত নিৰ্মাণ কৰি থকা উৰণ সেতুখনো মুকলি কৰাৰ বাবে প্রচেষ্টা চলাই আছোঁ। ফেব্ৰুৱাৰীৰ ভিতৰত ডিফুৰ উৰণ সেতু, ডিব্ৰুগড়ত নিৰ্মাণ কৰি খনিকৰ ষ্টেডিয়ামখনৰ প্ৰথম পর্যায় মুকলি কৰা হ'ব। অহা ৩০ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে ডিব্ৰুগড়ত নির্মাণ কৰিবলগীয়া অসম বিধানসভাৰ দ্বিতীয় চৌহদৰো আধাৰশিলা স্থাপন কৰিব। গৃহ মন্ত্ৰীগৰাকীয়ে সেই দিনাই খনিকৰ ষ্টেডিয়ামখনৰ প্ৰথম পৰ্যায়ৰ কামো উদ্বোধন কৰিব। মন কৰিবলগীয়া কথা যে মুখ্যমন্ত্ৰীগৰাকীয়ে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে শেহতীয়াকৈ কৰা বিতর্কিত মন্তব্যৰ সন্দৰ্ভতো প্রতিক্রিয়া প্রকাশ কৰে। তেওঁ কয়- 'ধুবুৰীত অসমীয়া সংস্কৃতিৰ গৌৰৱ গাথা ইতিমধ্যে স্নান পৰিছে। ইয়াৰ বিপৰীতে শিৱসাগৰ অসমৰ গৌৰৱ হৈ জিলিকি আছে। এই শিৱসাগৰখন আমি ধুবুৰী কৰিবলৈ দিব নোৱাৰোঁ। ধুবুৰীৰ দৰে অৱস্থা শিৱসাগৰৰ হ'বলৈ দিব নোৱাৰোঁ।' আজি আকৌ তেওঁ শৈক্ষিক জেহাদৰ কথা কৈছে। সৰকাৰে কংগ্রেছত যোগদান কৰি এনেধৰণৰ কথা কৈ থকাৰ সময়ত যোৰহাটৰ সাংসদগৰাকী মনে মনে বহি থকাটো লক্ষণীয় কথা বুলি মত প্রকাশ কৰি ড° শর্মাই কয়- 'সেই দিনা সৰকাৰে এনে কথা কৈ থাকোঁতেই গৌৰৱ গগৈয়ে বাধা দিব লাগিছিল। কিন্তু তেওঁ এনে নকৰিলে, আনকি বহিষ্কাৰো নকৰিলে। ইয়াৰ পাছত তেওঁ দল এৰি এতিয়া সংখ্যালঘু লোকৰ মাজত হিৰ' হৈ পৰিছে। গৌৰৱ গগৈয়ে এই ল'ৰাজনক নায়ক হ'বলৈ সুযোগ দিলে। শিৱসাগৰৰ অহংকাৰ, স্বাভিমানৰ বিনিময়ত তেওঁক নায়ক কৰিলে। ইয়াৰ পূৰ্বেতে এজন কংগ্ৰেছৰ ল'ৰাই কৈছিল মুছলনামৰ নামত ৪৮খন আসন সংৰক্ষণ কৰিব লাগে। সেই তেতিয়াই আমি ল'ৰাজনক বহিষ্কাৰ কৰিবলৈ কৈছিলোঁ। কিন্তু কংগ্রেছে শ্ব'কজ দিয়েই দায় সাৰিলে।' 

মুখ্যমন্ত্ৰীৰ মতে, 'সংখ্যালঘু লোকে বেয়া পাব বুলি ভাবি কংগ্ৰেছে কৰি থকা কামবোৰে ৰাজ্যখনৰ ক্ষতি কৰিছে। ইফালে ডেভচৰ পৰা ঘূৰি আহি এই মাহটোৰ ভিতৰতে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সবিশেষ ৰাজহুৱা কৰিম বুলিও মখ্যমন্ত্রীয়ে কয়।

Share This