ডিজিটেল ডেস্ক : মহানগৰীৰ বিভিন্ন ব্যাৱসায়ি প্ৰতিষ্ঠানত একাংশ লোকে নিয়োগ কৰা শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে চাইল্ড লাইন বিভাগে।
ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে মহানগৰীৰ সাতগাঁৱৰ পাথৰকোৱেৰী অঞ্চলত চাইল্ড লাইনৰ এটা দলে আৰক্ষীৰ সহযোগত অভিযান চলাই এজন শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পাথৰকোৱেৰীৰ আহমেদ স্কুটাৰ ছাৰ্ভিছ নামৰ
ব্যাৱসায়িক প্ৰতিষ্ঠানত কাম কৰি থকা অৱস্থাত চাইল্ড লাইন বিভাগে সাতগাঁও আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে ১৫ বছৰীয়া শিশু শ্ৰমিকক।
জানিব পৰা মতে দীৰ্ঘদিন ধৰি সাতগাঁও অঞ্চলত একাংশ ব্যৱসায়ীয়ে দোকানত শিশু শ্ৰমিকক নিয়োগ কৰি ব্যৱসায় চলাই আহিছিল । এক গোপন খবৰৰ ভিত্তিত চাইল্ড লাইন আৰু সাতগাঁও আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় এজন শিশু শ্ৰমিকক।
উল্লেখ্য যে শিশু শ্ৰমিক হিচাপে নিয়োগ কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে চাইল্ড লাইনে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল