বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ

Kakali Deka June 17, 2025

ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ অভিযান ।ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰনগুৰি গাঁৱৰ পৰা উদ্ধাৰ ১৪ বছৰীয়া কিশোৰী।

ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই বিয়াৰ ৰভাৰ পৰা উদ্ধাৰ কৰে দৰা আৰু কিশোৰী কইনাক ।আশা কৰ্মী আঞ্জুমা খাতুনে ৫ হাজাৰ টকা লৈ ১৪ বছৰীয়া কিশোৰীক ১৮ বছৰীয়া জন্মৰ প্ৰমাণ পত্ৰ বনাই দিয়াৰ অভিযোগ কিশোৰী গৰাকীৰ মাতৃৰ ।

টকা হ'লেই কেনেকৈ আশা কৰ্মী আঞ্জুমাই আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰ প্ৰস্তুত কৰে  ?আঞ্জুমাৰ সৈতে কেনেকৈ মিতিৰালী কৰি আমবাগান ৰাজ্যিক চিকিৎসালয়ৰ পৰা ১৪ বছৰীয়া কিশোৰীক ১৮ বছৰীয়া জন্মৰ প্ৰমাণ পত্ৰ দিলে ? এইবোৰ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে ।

বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতো একাংশ দালাল প্ৰকৃতিৰ চৰকাৰী কৰ্মচাৰীয়ে টকাৰ লোভত নাবালিকা কিশোৰীক অসৎভাৱে বয়স বঢ়াই বিয়াৰ এক চক্ৰ গঢ়ি তুলিছে সংখ্যালঘু প্ৰদান অঞ্চলত । 

মায়ংৰ দৰা কেফাইদুল্লা আহিছিল ৰূপহীহাটৰ বৰুণগুৰিত বাল্য বিবাহ পাতিবলৈ । আৰক্ষীৰ তৎপৰতা দৰা-কইনাক বাল্য বিবাহৰ পৰা উদ্ধাৰ কৰে যদিও বয়স বঢ়াই দিয়া চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া হব লক্ষ্যণীয়

Share This