এদিনৰ বাবে ডি চিৰ আসনত ভাগ্যদ্বীপ

Ankita Sonowal August 04, 2023

ডিজিটেল ডেস্কঃ হয়, এয়া কোনো বলিউডৰ অভিনেতা, নাটকৰ সংলাপ বা ডায়লগ নহয়, এয়া চিন্তন, মনন,  কৰ্ষণৰ পৰা নিগৰি অহা মুখনিঃসৃত বাক্‌ ধাৰাৰ এটা বাস্তৱ ৰূপ৷ দশম মানৰ ছাত্ৰ৷ নাম তেওঁৰ ভাগ্যদ্বীপ ৰাজগড়৷ উজনি অসমৰ শিৱসাগৰ জিলাৰ বকতা বৰবাম উচ্ছ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্ৰ হিচাপে পৰিচিত৷ অসম চৰকাৰৰ ‘আৰোহণ’ নামৰ প্ৰেৰণামূলক আঁচনিৰ অধীনত শতাধিক শিক্ষাৰ্থীৰ ভিতৰত তেওঁৰ নামটোৱেই অৱশেষত বাছনি কৰা হ’ল এদিনৰ বাবে শিৱসাগৰ জিলাৰ আয়ুক্তৰ আসনখনত বহিবলৈ৷ ক’ব লাগিব তেওঁৰ নামো যিহেতু ভাগ্যদ্বীপ, গতিকে নামৰ লগত ৰজিতা খুৱাই তেওঁ জিলাখনৰ মুৰব্বী হিচাপে এদিনৰ বাবে আৰু জিলা উন্নয়ন সমিতিৰ দৰে গুৰুত্বপূৰ্ণ সভা এখনো পৰিচালনা কৰাৰ বাবে যিকণ সুযোগ পালে তাতো চাগে ভাগ্য দেৱীয়ে লগ দিলে, অৰ্থাৎ ভাগ্যনে এ তত সম্ভব তি৷ শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ ডাঙৰীয়াই ছাত্ৰগৰাকীক ডেওৰিটিং চাহ বাগিচাৰ দৰে পিছপৰা চাহ জনজাতি অধ্যুষিত অঞ্চলৰ পৰা হীৰা টোকোৰা স্বৰূপ সম্পদ বুটলি আনি প্ৰেৰণাৰ উৎস হিচাপে অসমবাসীৰ ওচৰত যি দৃষ্টান্ত দাঙি ধৰিলে তাৰ বাবে তেওঁ প্ৰশংসাৰ পাত্ৰ৷ জিলাখনত এদিনৰ বাবে আহিছে নতুন ডি চি৷ জিলাখনত প্ৰশাসনিক বিষয়া আৰু আন আন বিষয়া- কৰ্মচাৰীৰ মাজত উখল-মাখল পৰিৱেশ৷ নতুন উপায়ুক্তক চাবলৈ আৰু তেওঁৰ কথা শুনিবলৈ সকলো উবুৰি খাই পৰিল৷ নিৰাপত্তাৰ বেষ্টনীৰ মাজত নতুন উপায়ুক্ত আহিল৷ আদৰিলে জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱে৷ ভাগ্যদ্বীপে জিলাৰ আয়ুক্তগৰাকীক চৰণ চুই সেৱা কৰিবলৈ লওঁতেই তেওঁৰ হাত দুখন ধৰি উঠাই আদৰি নিয়া হ’ল চ্যুকাফা ভৱনৰ সভাগৃহলৈ৷ এই দৃশ্য যেতিয়া ভাইৰেল হৈ পৰিল আৰু ছাত্ৰগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰবিলাক ইমান নিখুঁত আৰু আলংকৰিক শব্দৰ মালা গাথি সকলোকে আপ্লুত কৰিলে, সেয়া কেৱল প্ৰশংসনীয়ই নহয়,  বিদ্যায়তনিক দিশতো সকলো শিক্ষাৰ্থীৰ বাবেই প্ৰেৰণাৰ অনন্য উৎস৷ এতিয়া চোৱা যাওক চাহ৷ মিকৰ সন্তান হিচাপে সমাজলৈ তেওঁ কি কি বাৰ্তা প্ৰেৰণ কৰিলে৷ ভৱিষ্যতে এগৰাকী আই এ এছ বিষয়া হোৱাৰ কল্পনাৰে কেৱল পাঠ্যপুথিৰজ্ঞ ানেই যথেষ্ট নহয়, তাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদান যে আত্মবিশ্বাস, আত্মপ্ৰত্যয় আৰু কঠোৰ পৰি৷ ম সেয়া যেন প্ৰতিফলন হ’ল তেওঁৰ অমায়িক আচৰণ আৰু কলা সুলভ কথা-বাৰ্তাৰ জৰিয়তে৷ বাৰ্তা বহন কৰিলে নতুন শিক্ষা নীতিৰ দ্বাৰা শিক্ষাৰ্থীসকলে নিজৰ ৰুচিসন্মত বিষয় বাছিলৈ জীৱনৰ বাটত আগুৱাই যোৱাৰ এক নতুন পথৰ সন্ধানৰ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ম’বাইলৰ আতংকৰ বিষয়ে উল্লেখ কৰি তেওঁ নতুন প্ৰজন্মৰ ভৱিষ্যৎ গঢ়া সাৰখিনি গ্ৰহণ কৰি জাবৰখিনি পৰিত্যাগ কৰাৰ কথা অৱগত কৰিছে৷ এহাতে বিজ্ঞ ান প্ৰযুক্তিবিদ্যাৰ ৰস আহৰণ কৰিবৰ বাবে উৎসাহ যোগাইছে, আনহাতে উৎকৃষ্ট মাখন মন্থন কৰাৰ বাবেও তেওঁ আহ্বান জনাইছে যুৱচামক৷ সমাজৰ বৰবিহ ব্যাধিস্বৰূপ ড্ৰাগ্‌ছ নিৰ্মূলৰ বিষয়তো তেওঁ মন্তব্য কৰিলে৷ তেওঁ নিজৰ বিদ্যালয়লৈ যোৱা পথছোৱাৰ কদৰ্য ৰূপ এটাৰ কথা ক’বলৈ গৈ এই ক্ষেত্ৰত দক্ষ প্ৰশাসনিক বিষয়া হিচাপে সামাজিক দায়বদ্ধতাৰো এটা ইংগিত দিলে৷ স্বাস্থ্য ৰক্ষাৰ দিশত পুষ্টিকৰ খাদ্যৰ বিষয়ে উল্লেখ কৰাত কাৰো জানিবলৈ বাকী নাথাকিল যে স্বাস্থ্যয়ো জীৱন গঢ়াৰ দিশত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে বা কৰি আহিছে৷ জিলা উন্নয়ন সমিতিৰ সভাত তেওঁ চাহ বাগিচাত বিশুদ্ধ খোৱাপানী যোগান, উন্নত বাট-পথ নিৰ্মাণ, পঢ়ি থকা বিদ্যালয়খনৰ অতিৰিক্ত ে৷ ণী কোঠা নিৰ্মাণৰ বিষয়েও উল্লেখ কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালে সভাত উপস্থিত সংশ্লিষ্ট বিষয়াসকলক ৷ উল্লেখ নকৰিলেও হয় যে বোকাতহে পদুম ফুল জন্মে৷ ৰাজগড় এগৰাকী গ্ৰাম্য অঞ্চলৰ জীৱন সম্ভাৱনা পথিকৃত এক সম্পদ৷ এনে আৰু বহু সম্পদ হয়তো এতিয়াও লুকাই আছে আমাৰ অগোচৰে৷ আজি ইউৰোপ বা উন্নত ৰাষ্ট্ৰসমূহত বহু প্ৰতিভা থকা সম্ভাৱনাবোৰ বুটলি আনি ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকক ব্যৱহাৰ কৰিছে৷ গতিকে আশা কৰোঁ অসম চৰকাৰে এনে আঁচনিৰ জৰিয়তে লুকাই থকা সম্ভাৱনাবোৰ আৱিষ্কাৰ কৰি ৰাষ্ট্ৰ নিৰ্মাণত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব৷ অন্ধবিশ্বাস, শৈক্ষিক, সামাজিক অনগ্ৰসৰতা আদি বাটৰ কাঁইটবোৰ আঁতৰ হৈ নিষ্কণ্টক হৈ পৰক নতুন প্ৰজন্মৰ সম্ভাৱনাৰ পথ৷ এক দেশ, এক জাতি নিৰ্মাণত সকলো বৈষম্য শীঘ্ৰে দূৰ হওক৷ ভাগ্য ৰবি উদয় হওক কোটি কোটি ভাগ্যদ্বীপৰ৷ এই আশাৰে...

[লেখক অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক]

ফ’ন ঃ ৮৪৮৬০-১৬০৪৫

 

Share This