MENU

ম'বাইলৰ EarPhone-এই কাল হ'ল! মুহূৰ্তৰ ভিতৰতেই শেষ সকলো সপোন 

Kakali Deka January 29, 2025

ডিজিটেল ডেস্কঃ  ম'বাইলৰ Ear Phone-এই কাল হ'ল জোনাইৰ এগৰাকী ছাত্ৰৰ। নামনিমুৱা তীব্ৰবেগী ৰে'লৰ খু্ন্দাত ছিন্ন-ভিন্ন হৈ গ’ল জোনাইৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ।

জোনাইৰ তেলেমত বুধবাৰে পুৱাই সংঘটিত হ'ল এক শোকাৱহ দুৰ্ঘটনা। জানিব পৰা মতে, জোনাইৰ মূৰ্কংচেলেক ৰে'লৱে ষ্টেছনৰ পৰা পুৱাই নামনিমুৱা তীব্ৰ বেগত অহা ৰে'লৰ খু্ন্দাত নিহত হয় ছাত্ৰজন। 

স্থানীয় ৰাইজে সদৰী কৰা মতে, ছাত্ৰজনে ম'বাইলৰ EarPhone ব্যৱহাৰ কৰি ৰে’লৰ চিৰিৰ ওপৰত বহি ম'বাইল ফ'ন ব্যৱহাৰ কৰি থকাৰ সময়তে নামনিমুৱা তীব্ৰ বেগী ৰে'লে খু্ন্দিয়াই থৈ যায় আৰু থিতাতে মৃত্যু হয় ছাত্ৰজনৰ। মৃত ছাত্ৰজন জোনাইৰ তেলেম জামজিং গাঁৱৰ ১৬ বছৰীয়া ৰনীল দলে বুলি জানিব পৰা গৈছে।

ঘটনাৰ পাছতে ৰে'লৱে আৰক্ষী আৰু স্থানীয় ৰাইজ উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Share This