ডিজিটেল ডেস্ক: আসন বুজাবুজিক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিজেপিয়ে। মিত্র দল অগপক পূর্বতকৈ এখনো আসন অধিক নিদিয়ে গেৰুৱা দলটোৱে। বৰঞ্চ অগপই দাবী কৰি থকা আসনতো বিজেপিয়েহে প্রার্থী থিয় কৰাব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অগপলৈ এইবার্তা প্ৰেৰণ কৰি স্পষ্টভাৱে প্ৰকাশ কৰিছে যে বিজেপিয়ে কেইখনমান আসনতহে প্রার্থী নিদিয়ে আৰু সেই আসনকেইখনত অগপক সহায় কৰিব।
আনহাতে অগপই যদি ১২৬টা সমষ্টিতো প্রার্থী দিয়ে, তেনেহ'লে বিজেপিৰ কোনো আপত্তি নাই বুলিও তেওঁ স্পষ্ট কৰি দিছে। মুঠৰ ওপৰত আসন ভাগ-বাটোৱাৰৰ ক্ষেত্ৰত এইবাৰ বিজেপিয়ে অগপৰ সৈতে কোনো বিশেষ বুজাবুজি যে নকৰে সেয়া স্পষ্ট হৈ পৰিছে।
উল্লেখযোগ্য যে বুধবাৰে নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, 'শক্তি বিজেপি-অগপ কাৰোৰে নাবাঢ়ে। য'ত আছিলোঁ তাতে থাকিব, একধৰণে থাকিব। কাৰোবাৰ শক্তি বঢ়াবলৈ গ'লে কাৰোবাৰ শক্তি কাঢ়ি আনিব লাগিব। গতিকে এজিপি য'ত থাকিব তাতে থাকিব, বিজেপি য'ত আছে তাতে থাকিব। বি পি এফ য'ত আছে তাতে থাকিব। পাৰিলে আমি ইউ পি পি এলৰ বাবে যদি ৰাস্তা এটা উলিয়াব পাৰোঁ ভাল। যি য'তে আছে তাতে থাকিলে কোনো সমস্যা নাই।' মন কৰিব লগীয়া কথা যে এইবাৰ অগপই পূৰ্বতে দলটোৰ দখলত থকা কেইবাখনো আসন বিচৰাৰ লগতে ৪০ৰ পৰা ৫০খন আসন বিচাৰি থকাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'আসন সলনি হ'ব, কিন্তু সংখ্যা সলনি নহ'ব। সংখ্যাটোত মই বিশেষ পৰিৱৰ্তন দেখা নাই।' মুখ্যমন্ত্ৰীগৰাকীৰ মতে- 'অগপক আমি এইটোও কৈছোঁ, যিটো অখিল গগৈয়েও কংগ্রেছক কৈ আছে। সকলোৰে ওপৰত দলীয় হেঁচা আছে। অতুল বৰাৰ ওপৰতো হেঁচা থাকিব। আপুনি প্রার্থী য'ত ইচ্ছা তাতে দি দিয়ক। আমি একেবাৰে বেয়া নাপাওঁ। সেইটো আমি মুকলিকে কৈ দিছোঁ। অগপই যদি ১২৬টাতো খেলে তাতো আমাৰ আপত্তি নাই। মাত্ৰ কেইটামান ছীটত আমি প্রার্থী নিদিওঁ। বাকীবোৰত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হ'ব। তেওঁলোকৰ এম এল এ জিকিলেওতো আমাকেই সমর্থন কৰিব।'
উল্লেখযোগ্য যে মুখ্যমন্ত্রীয়ে বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতাৰ কথা ক'লেও অগপৰ সভাপতি অতুল বৰাই বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা বিচৰা নাই। কেইদিনমানৰ পূৰ্বে তেওঁ এই কথা উল্লেখ কৰি সাংবাদিকৰ আগত কৈছিল যে বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতাই কেতিয়াবা বিৰোধীকহে সুযোগ দিয়ে। ইফালে গুৱাহাটী মহানগৰীৰ এখনো আসন বিজেপিয়ে অগপক এৰি নিদিয়ে সেই কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে। সমষ্টি পুনৰ নির্ধাৰণৰ পাছত বিলুপ্ত হোৱা পশ্চিম গুৱাহাটী সমষ্টিৰ অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চেণ্ট্ৰল গুৱাহাটী সমষ্টিত প্রার্থিত্ব বিচৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'তেৱোঁ উঠক। ধৰক, তেওঁ জালুকবাৰী বা চেণ্ট্ৰল গুৱাহাটীত উঠিব খুজিছে, খেলক তেওঁ। আমিও খেলিম। যি জিকে জিকিব আৰু...। এজিপিক উঠাত আমি বাধা নিদিওঁ। যদি বিজেপি উঠিব নালাগে, সেইটো আলোচনা হ'ব।' ইফালে জোৰ কৰি কাৰো সৈতে মিত্ৰতা কৰা উচিত নহয় বুলি মত প্রকাশ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই লগতে কয়, 'মোৰ অভিজ্ঞতাই কয়, জোৰ কৰি মিত্ৰতা কৰিলে আৰু তৃণমূলৰ যদি সমর্থন নাথাকে, তেন্তে যিটো দলে টিকট নাপালে সেইটো দলব সমর্থকসকলে গৈ কংগ্রেছক ভোট মাৰিব। যাৰ ফলত বিৰোধীহে লাভৱান হ'ব।' মুখ্যমন্ত্ৰীগৰাকীৰ মতে, 'তৃণমূলক সন্তুষ্ট কৰি তেওঁলোকৰ আশা-আকাংক্ষাক সন্মুখত ৰাখি মিত্ৰতা কৰিলে সমাধানটো ভাল হয়।'
প্রণিধানযোগ্য যে ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত মুঠ ২৯খন আসনত অগপই প্রতিদ্বন্দ্বিতা কৰি ৯খন আসনত জয়লাভ কৰিছিল। এনে পৰিস্থিতিত এইবাৰ অগপই ২৯খন আসনতকৈ যে অধিক আসন লাভ নকৰে সেয়া স্পষ্ট হৈ পৰিছে। আনকি বিজেপিয়ে সংখ্যালঘু অধ্যুষিত এলেকাসমূহৰ আসনবোৰৰ লগতে মাত্র কেইখনমানহে উজনিৰ খিলঞ্জীয়া লোকৰ বসতি থকা আসন দলটোক এবি দিব বুলি জানিব পৰা গৈছে ।