ডিজিটেল ডেস্ক: ৰবৰ উৎপাদনৰ ক্ষেত্ৰত অসমৰ ভৱিষ্যৎ ভাল। বৰ্তমান ভাৰতৰ ভিতৰতে ৰবৰ উৎপাদনৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে অসম। প্ৰায় ৪৪ হাজাৰ টন ৰবৰ উৎপাদন হয় অসমত। ভাৰতত ৰবৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে কেৰালা। ৰবৰ উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে উত্তৰ পূৱৰ আন এখন ৰাজ্য ত্ৰিপুৰা। ১৯৪৭ চনৰ আইন অনুসৰি ভাৰতত প্ৰথম স্থাপন হৈছিল ৰবৰ ব'ৰ্ড।
কেৰালাৰ ৰবৰ ব'ৰ্ড প্ৰতিষ্ঠা কৰিছিল দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে। অসমত ৰবৰ বাগানৰ ভৱিষ্যৎ সন্দৰ্ভত উল্লেখ কৰি ৰবৰ ব'ৰ্ডৰ কাৰ্যবাহী অধীক্ষক শ্ৰী এম ভাষানঠাগেচানে কয় যে অসমৰ জলবায়ু ৰবৰ খেতিৰ বাবে যথেষ্ট উপযোগী সেয়েহে অসমত এতিয়া ৰবৰ গছ ৰোপণৰ সংখ্যাও বৃদ্ধি কৰা হৈছে আৰু ৰবৰ খেতিৰ বাবে প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে।
ৰবৰ খেতিয়কসকলৰ বাবে ৰবৰ ব'ৰ্ডে লৈছে বিভিন্ন পদক্ষেপ। যিহেতু বৰ্তমানেও দেশত চাহিদা অনুসৰি পৰ্যাপ্ত নহয় ৰবৰৰ উৎপাদন। প্ৰাগ নিউজৰ সাংবাদিক দীপাংকৰ শইকীয়াই কেৰালাৰ কাট্ৰায়মত থকা ৰবৰ বাগানত প্ৰত্যক্ষ কৰে কেইবাখনো দেশৰ ৰবৰ গছ।