ডিজিটেল ডেস্ক : ১৯৪২ চনৰ ২০ আগষ্ট এক ঐতিহাসিক দিন আছিল চতিয়াৰ বাবে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ভৰপক সময় সেই সময়তে ১৯৪২ চনৰ ২০ আগষ্টত চতিয়া আৰক্ষী থানা চতিয়াৰ হাজাৰ হাজাৰ মুক্তিকামি জনতাই ঘেৰাও কৰি ত্ৰিৰংগ পতাকা উত্তোলন কৰি ইতিহাস ৰচিছিল।
স্বাধীনতা আন্দোলনৰ এই স্বৰ্ণিল ইতিহাস ৰোমন্থন কৰিবৰ বাবে চতিয়াবাসীয়ে বিগত তিনিবছৰ ধৰি ২০ আগষ্ট চতিয়া দিৱস হিচাপে পালন কৰি আহিছিল।
অসমৰ মুখ্যমন্ত্ৰীয়ে এই চতিয়া দিৱস অসম বিধানসভাত চৰকাৰীভাৱে অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছিল । ১৯৪২ৰ ২০ আগষ্টৰ ঐতিহাসিক স্বাধীনতা সংগ্ৰামৰ স্মৃতিৰ সোঁৱৰণত পোনপ্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ উদ্যোগত উদযাপন কৰা হৈছে চতিয়া দিৱস ৷ চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে স্বাধীনতা আন্দোলনৰ এই স্বৰ্ণিল ইতিহাস সোঁৱৰি মুক্তি যোদ্ধাসকলক শ্ৰদ্ধাৰে সোৱৰণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চতিয়াৰ ঐতিহাসিক পুৰণি থানা চৌহদত স্বাধীনতা আন্দোলনৰ স্মৃতি জীয়াই ৰাখিবলৈ ৫ কোটি টকাৰ এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চতিয়াৰ স্বাধীনতা আন্দোলনৰ এই স্বৰ্ণিল ইতিহাস ধৰি ৰাখিবলৈ এখন বোলছবি নিৰ্মাণ কৰিবলৈ আহ্বান জনায় আৰু এই বোলছবিৰ নিৰ্মাণৰ খৰচ অসম চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰে। চতিয়া দিৱসৰ এই কাৰ্যসূচীত মুক্তি যোদ্ধাৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।
আজিৰ অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্তয়ে আদৰণী ভাষণ প্ৰদান কৰাৰ পাছতে উদ্ধোধনী ভাষণ প্ৰদান কৰে ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
আজিৰ অনুষ্ঠানত বিহালী, বিশ্বনাথ, ৰঙাপাৰা, বৰচলা সমষ্টিৰ বিধায়কে অংশগ্ৰহণ কৰে। চতিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ নিৱাস শুভ উদ্বোধন কৰে ৷
মহাবিদ্যালয়ৰ চৌহদত প্ৰায় দুই কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মতবিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীক কাষতে পাই চেলফি তুলিবলৈও হেতা-ওপৰা লগায় ছাত্ৰ-ছাত্ৰীসকলে।
উৎস : প্ৰাগ নিউজ ডিজিটেল