'গৌৰৱ গগৈয়ে সাতবাৰ জন্ম ল'লেও উচ্ছেদিতক পুনৰ সংস্থাপন দিব নোৱাৰে' , গোসাইগাঁৱৰ কাশিয়াবাৰীত বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্রী

dainik janambhumi August 26, 2025

ডিজিটেল ডেস্ক : বি টি চিৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ৪নং যমদুৱাৰ পৰিষদীয় সমষ্টিত বিজেপিৰ বিজয় সংকল্প সমাৱেশ অনুষ্ঠিত হয়। বিজেপিৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত হাজাৰ হাজাৰ কৰ্মী-সমৰ্থকৰ উপস্থিতিত বিজয় সংকল্প সমাৱেশত হেলিকপ্টাৰযোগে উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক উষ্ম আদৰণি জনোৱা হয়। 

মুখ্যমন্ত্রীয়ে ভাষণত কয় যে বি টি চিত আৰুণোদয়, চৰকাৰী গৃহ পাবলৈ ভি চি ডি চিৰ মূৰৰ ওপৰত তেল দিব লাগে। নহ'লে হিতাধিকাৰীয়ে চৰকাৰী আঁচনি নাপায়। বৰালি মাছে নদীৰ সৰু সৰু মাছ খোৱাৰ দৰে ভি চি ডি চিত দুখীয়া মানুহক শোষণ চলাইছে আৰু তেওঁলোকৰ পৰা টকা খাই আঁচনি দিছে। আৰুণোদয়ৰ ফর্ম এখন ল'বলৈ ভিচিডি চিৰ মেম্বাৰক পাঁচশ টকা দিব লাগে। আমি ভি চি ডি চিৰ বাবে বি টি আৰ বনোৱা নাছিলোঁ। বিজেপিক ভোট দিয়ক, একেদিনাই ভিচিডি চি ছিষ্টেম বন্ধ কৰি দিম। বি টি চিত বহু সমস্যা এতিয়াও আছে, চিকিৎসালয়, স্কুল কলেজ, বাট-পথ, চৰকাৰী আঁচনি আদিৰ পৰা বহু অঞ্চল এতিয়াও পিছুৱাই আছে। অসমত চৰকাৰী চাকৰি ওলালে কোনেও ঘোচ দিব নালাগে, এখন তামোলো খুৱাব নালাগে, কিন্তু বি টি আৰত এয়া সম্ভৱ হৈছেনে বুলি প্রশ্ন মুখ্যমন্ত্ৰীৰ। বি টি আৰত বিজেপিৰ চৰকাৰ আহিলে এয়া সম্ভৱ হ'ব। কোনেও এটকা ঘোচ ল'ব নোৱাৰে। মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত বি টি চিত এটাও বোমা-বাৰুদ ফুটা নাই। এটাও অপহৰণ হোৱা নাই। মই সকলো অবৈধ অস্ত্র জমা লোৱাৰ উপৰি মাটিৰ তলত থৈ দিয়া অস্ত্র জমা লৈছোঁ। এতিয়া মাটিৰ তলতো অস্ত্র নাই। বি টি চিত বিজেপিয়ে শান্তি ঘূৰাই আনিছে। 

তেওঁ ভাষণত কয় যে সকলো জাতি-জনগোষ্ঠীৰ লোকে চৰকাৰী আঁচনিৰ দ্বাৰা লাভৱান হ'ব লাগিব। বি টি চিৰ ৰাইজে বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈছে। বিটি চিত বিজেপিৰ চৰকাৰ হ'লে পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত প্রতিটো আঁচনিৰ টকা সোমাব। চৰকাৰী ভূমি বেদখলকাৰী উচ্ছেদিত লোকক সংস্থাপনৰ কথা কৈছিল গৌৰৱ গগৈয়ে। সাংবাদিকৰ প্ৰশ্নত সোমবাৰে মুখ্যমন্ত্রীয়ে কয়, উচ্ছেদিত লোকক সংস্থাপন দিবলৈ গৌৰৱ গগৈয়ে সাতবাৰ জন্ম ল'ব লাগিব। গৌৰৱ গগৈয়ে সাতবাৰ জন্ম ল'লেও উচ্ছেদিতক সংস্থাপন দিবলৈ সক্ষম নহ'ব।

Share This